পৰৱর্তী ব্ৰিটিছ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে অগ্ৰসৰ হৈছে ভাৰতীয় মূলৰ ঋষি ছুনাক ৷ব্ৰিটেইনৰ প্ৰাক্তন বিত্তমন্ত্ৰী ঋষি ছুনাকে ১১৮টা ভোটেৰে চতুৰ্থ ৰাউণ্ডৰ ভোটদানত জয়লাভ কৰি বৰিছ জনছনৰ ঠাইত ব্ৰিটিছ প্ৰধানমন্ত্ৰী আৰু কনজাৰ্ভেটিভ দলৰ নেতাৰ নিৰ্বাচনত আগবাঢ়ি আছে।
১৯ জুলাইত অনুষ্ঠিত চতুৰ্থ ৰাউণ্ডৰ ভোটদানত ঋষি ছুনাকে প্ৰথম স্থান অক্ষুণ্ণ ৰাখি তৃতীয় ৰাউণ্ডত ১১৫ৰ পৰা ১১৮লৈ ভোটৰ সংখ্যা বৃদ্ধি কৰাৰ বিপৰীতে বাণিজ্য মন্ত্ৰী পেনি মৰ্ডাউণ্টে ৯২টা আৰু বৈদেশিক সচিব লিজ ট্ৰাছে ৮৬টা ভোট লাভ কৰে ৷
ভাৰত মূলৰ ব্ৰিটিছ সাংসদগৰাকীয়ে বর্তমানলৈ ১১৮ জন সাংসদৰ সমৰ্থন লাভ কৰিছে ৷ যাৰ জৰিয়তে তেওঁ চূড়ান্ত ৰাউণ্ডত নিজৰ স্থান সুনিশ্চিত কৰিছে ৷ যিজন প্ৰাৰ্থীয়ে সৰ্বাধিক ভোট লাভ কৰিব, তেওঁ ৫ ছেপ্টেম্বৰত কনজাৰ্ভেটিভ পাৰ্টিৰ নতুন নেতা তথা ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ব।
একাধিক কেলেংকাৰী আৰু অভিলেখ সংখ্যক নেতাৰ পদত্যাগৰ ফলত বৰিছ জনছনে প্ৰধানমন্ত্ৰীৰ পদ এৰিবলৈ বাধ্য হৈছিল ৷ ইয়াৰ পাছতে নতুন ব্ৰিটিছ প্ৰধানমন্ত্ৰী পদৰ প্ৰতিদ্বন্দিতা আৰম্ভ হৈছিল।
চাউথএমপটনত জন্মগ্ৰহণ কৰা ঋষি ছুনাক প্ৰথমবাৰৰ বাবে ২০১৫ চনত সাংসদ হিচাপে নির্বাচিত হৈছিল।যদিহে ছুনাক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হয়, তেন্তে তেওঁ হ’ব ভাৰতীয় বা এছিয়ান মূলৰ প্ৰথমজন ব্যক্তি যিয়ে এই পদত অধিষ্ঠিত হ’ব।