বিশ্বৰ গড় উষ্ণতা বৃদ্ধি পাইছে। যাৰ প্ৰভাৱ চহৰ অঞ্চলত ব্যাপকভাৱে পৰা পৰিলক্ষিত হৈছে । গ্ৰীষ্মকালত উষ্ণতা বৃদ্ধিৰ বাবে শৰীৰটো বেয়া হৈ পৰে। তাৰ লগতে আৰ্দ্ৰতাৰ বাবেও শৰীৰ যথেষ্ট দুর্বল অনুভৱ হয় । আৰ্দ্ৰ বতৰৰ ফলত শৰীৰত যথেষ্ট প্ৰভাৱ পৰে। শেহতীয়াকৈ এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে ৷গ্ৰীষ্মকালত আৰ্দ্ৰতা বৃদ্ধি হোৱাৰ লগে লগে অধিক ঘাম ওলায়। শৰীৰৰ পৰা পানী ওলাই যায়। আৰু চাৰিওফালৰ ক্লান্তিয়ে হেঁচা মাৰি ধৰে ৷ লগতে বৃদ্ধি পায় আনুষংগিক সমস্যা। এই তথ্য “প্ৰকৃতি” আলোচনীত প্ৰকাশ পাইছে ৷
শেহতীয়াকৈ ইয়েল স্কুল অৱ এনভাইৰনমেণ্টেল চাইন্টিষ্টৰ গৱেষকৰ এটা দলে কয় যে হিটষ্ট্ৰোকৰ বাবে হোৱা ক্লান্তিৰ অনুভৱৰ কাৰণ হৈছে অঞ্চলটোৰ উষ্ণতা । গৱেষক শ্বুহুই লিয়ে কয়, ‘কেৱল গৰমে শৰীৰক ভাগৰুৱা কৰি তোলে এনে নহয়, বতাহৰ আৰ্দ্ৰতাই আপোনাৰ শৰীৰত প্ৰভাৱ পেলায়। চহৰ অঞ্চলত বসবাস কৰা অধিকাংশ লোকৰ আৰ্দ্ৰতাৰ সৈতে জড়িত সমস্যা আছে।”
বতাহ যিমানেই আৰ্দ্ৰ হয়, সিমানেই শৰীৰত অস্বস্তিৰ সৃষ্টি হয়। দিনত আৰ্দ্ৰতা বেছি হ’লে ঘাম শুকুৱাবলৈ সময় লাগে। দিনটোৰ ভিতৰত সকলোতে আঠাযুক্ত অনুভৱ। আনহাতে গোটেই দিনটো ঘাম শুকুৱাই নোযোৱাকৈ শৰীৰ ঠাণ্ডা নহয়। শৰীৰৰ উষ্ণতা অত্যধিক বৃদ্ধি পাব পাৰে। শৰীৰৰ উষ্ণতা বৃদ্ধিৰ লগে লগে প্ৰদৰ্শন কমি যায়। শৰীৰ নিশ্চল হৈ পৰে। সেইবাবেই চিকিৎসকসকলেও বতাহৰ আৰ্দ্ৰতাৰ প্ৰতি সচেতন হ’বলৈ কয়। বিশ্ব অৰ্থনৈতিক মঞ্চই প্ৰদান কৰা তথ্য অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫৫ শতাংশই চহৰত বাস কৰে। ২০৫০ চনৰ ভিতৰত সেই সংখ্যা ৮০ শতাংশলৈ বৃদ্ধি পাব। গৱেষকসকলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ গছপুলি ৰোপণৰ পৰামৰ্শ আগবঢ়াইছে। এনেদৰেহে উষ্ণতা আৰু আৰ্দ্ৰতা বৃদ্ধিৰ পৰা গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱৰ পৰা মুক্তি পোৱা