আজি কেইবাদিনো ধৰি সন্ধানহীন হৈ আছে তিনিচুকীয়াৰ ৰিতুৰাজ গোঁহাই নামৰ এজন ২৭ বছৰীয়া যুৱক ৷ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া আৰক্ষী চকীৰ অন্তৰ্গত বালুপাৰা গাঁৱৰ বাসিন্দা স্বৰ্গীয় ভূৱন গোঁহাইৰ পুত্ৰ ৰিতুৰাজ গোঁহাই ৷
চলিত বৰ্ষৰ ৬এপ্ৰিল তাৰিখে তিনিচুকীয়া আৰক্ষী থানাত পত্নী পুনম গোঁহায়ে দাখিল কৰা অভিযোগ অনুসৰি যোৱা ৫এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে ৰিতুৰাজ ৷ ৰিতুৰাজে আলফা (স্বাঃ)ত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকসকলে লগতে পত্নী,ছবছৰীয়া কন্যাক এৰি আলফালৈ যোৱা ৰিতুৰাজক ঘূৰাই পঠাবলৈ সেনাধ্যক্ষলৈ আহ্বান জনাইছে ৰিতুৰাজৰ পত্নী পুনমে ৷
ৰিতুৰাজৰ ব্যক্তিগত মোবাইল নম্বৰত যোগাযোগ কৰাৰ চেষ্টা চলাই থকা হৈছে যদিও মোবাইল বন্ধ হৈ থকাৰ বাবে যোগাযোগ কৰিবলৈ অসমৰ্থ হোৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ আনহাতে পৰিয়ালৰ লোকে তেওঁ স্ব-ইচ্ছাই ঘৰ এৰি গৈ আলফা (স্বাঃ)ত যোগদান কৰা বুলিও সন্দেহ প্ৰকাশ কৰি আৰক্ষীক অৱগত কৰিছে ৷ এতিয়ালৈকে ৰিতুৰাজ ক’ত,কেনেকৈ আছে সেই বিষয়ে কোনো সম্ভেদ পাবলৈ সক্ষম হোৱা নাই তিনিচুকীয়া আৰক্ষী ৷ উক্ত ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷