দুর্গোৎসৱৰ আনন্দৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংঘটিত হ’ল শতাধিক পথ দূর্ঘটনা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ষষ্ঠীৰ দিনটোৰ পৰা দশমীৰ দিনালৈ মুঠ ৫৪১ টা পথ দূর্ঘটনা সংঘটিত হৈছে ৷ এই কথা প্ৰকাশ কৰিছে ১০৮ সেৱাই ৷ সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি ১১ অক্টোবৰত ৮০ টা, ১২ অক্টোবৰত ৯৪ টা,১৩ অক্টোবৰত ১২০ টা,১৪ অক্টোবৰত ১৩৭ টা আৰু ১৫ অক্টোবৰত ১১০ টা পথ দূর্ঘটনা সংঘটিত হৈছে ৷ কামৰূপ জিলাত সর্বাধিক ৪৯ টা পথ দূর্ঘটনা সংঘটিত হৈছে ৷ ইয়াৰ পাছতে গোলাঘাটত সর্বাধিক ৪৮ টা পথ দূর্ঘটনা সংঘটিত হৈছে ৷ ১০৮ সেৱাৰ তথ্য অনুসৰি বাক্সাত ১৩টা,বৰপেটাত ২৯টা,বঙাইগাঁৱত ২০ টা,কাছাৰত ২৪টা,চিৰাঙত ৮টা,দৰঙত ২৮টা, ধেমাজিত ২১টা,ধুবুৰীত ১১টা, ডিব্ৰুগড়ত ১২টা, ডিমাহাচাওত ২টা, গোৱালপাৰাত ২৪ টা,হাইলাকান্দিত ৬টা, যোৰহাটত ১৪ টা, কামৰূপ মহানগৰত ৮টা, কার্বি আংলঙত ২৭টা, কৰিমগঞ্জত ১৮টা, কোকৰাঝাৰত ৫টা, লখিমপুৰত ১৪টা, মাজুলীত ৬টা, মৰিগাঁৱত ১০টা, নগাঁৱত ২১টা, নলবাৰীত ২৯টা, শিৱসাগৰত ১০ টা,শোণিতপুৰত ৩২টা, তিনিচুকীয়াত ৩২টা আৰু ওদালগুৰিত ২০টা পথ দূর্ঘটনা সংঘটিত হৈছে ৷ তীব্ৰ বেগ, সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই ৰাজ্যত সঘনাই পথ দূর্ঘটনা সংঘটিত হৈ আহিছে ৷