বিলাসীপাৰাত সংঘটিত হৈচে এক শোকাবহ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী বাহনৰ খুন্দাত বিলাসীপাৰাৰ চিৰাকুটাত দুৰ্ঘটনাগ্ৰস্ত তিনিগৰাকী মহিলা ৷ বিলাসীপাৰাৰ চিৰাকুটাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই শোকাবহ দুৰ্ঘটনাটোত তীব্ৰবেগী ছুইফট ডিজায়াৰ বাহনে মহটিয়াই নিলে মাতৃ সহ দুই কন্যাক ৷দুৰ্ঘটনাত থিতাতে নিহত হ’ল বুলবুলি বেওৱা নামৰ এগৰাকী মহিলা ৷ আহত হৈছে তেওঁৰ দুই জীয়ৰী আচমিনা বেগম আৰু হুছেনা বেগম ৷ আহত দুয়োগৰাকীকে চিকিৎসাৰ বাবে ইতিমধ্যে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰা ছুইফট ডিজায়াৰ বাহন খনৰ নাম্বাৰ ‘এ এছ ১৯কিউ ৫৫৫১ ‘৷ অৱশ্যে বাহন খনৰ চালকজনে আৰক্ষীৰ ওচৰত ইতিমধ্যে আত্মসমৰ্পন কৰিছে ৷