দেশৰ এক অন্যতম চহৰ পাটনা য’ত ৩০নং ৰাষ্ট্ৰীয় ঘাই পথৰ ফ’ৰ লেনৰ দাঁতিত চাহ খাই থকা অৱস্থাত ২২টা চকা যুক্ত(টেলৰ) ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়ে ৬ জনকৈ লোকক ৷ ৷বিহতা-আৰা ৩০নং ৰাষ্ট্ৰীয় ঘাই পথৰ মুখ্য পথৰ শিৱম লাইন হোটেলৰ ওচৰত দ্ৰুতবেগী ট্ৰাকখনে এজন যুৱকক খুন্দা মৰাৰ ফলত যুৱকজনৰ ঘটনাস্থলীতে মৃত্যু হয়। মৃত যুৱকজনক বাক্সাৰ জিলাৰ বৰহামপুৰ গাঁৱৰ গোলু কুমাৰ বুলি চিনাক্ত কৰা হৈছে। আনহাতে, পলাই যোৱা ট্ৰাকখন স্থানীয় লোকে লেখান টোলা বান্ধৰ ওচৰত ধৰা পেলাইছিল। অৱশ্যে, ট্ৰাক চালকজনে ট্ৰাকখন এৰি পলাই যায়।আনহাতে আহত বাকী ৫গৰাকীক চিকিৎসাৰ বাবে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷
পাটনাৰ দীদাৰগঞ্জ থানাৰ চুকুলপুৰৰ বাটৰ পাৰ্কৰ ওচৰত এই ভয়াবহ দুৰ্ঘটনা সংঘটিত হয় ৷দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগে ঘটনাটোৰ তদন্তৰ বাবে উক্ত স্থানত আৰক্ষী উপস্থিত হয় ৷ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ৷ উল্লেখ্য যে চহৰ খনৰ ৰাষ্ট্ৰীয় ঘাই পথত সঘনাই সংঘটিত হোৱা এনে দুৰ্ঘটনা সমূহক লৈ শংকিত হৈ পৰিছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ ৷