ৰোহিংগীয়া শৰণার্থীৰ পৰা দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি বিভিন্ন সময়ত আশংকা প্ৰকাশ কৰি অহাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে এনে শৰণার্থীক আশ্ৰয় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দিল্লীৰ বককাৰৱালা অঞ্চলত ৰোহিংগীয়া শৰণাৰ্থীসকলক এপাৰ্টমেণ্ট আৰু আৰক্ষীৰ সুৰক্ষা প্ৰদান কৰা হ’ব। গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তক বি্য়ে সদৰী কৰি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে যিসকলে “ভাৰতৰ শৰণাৰ্থী নীতিক ইচ্ছাকৃতভাৱে নাগৰিকত্ব সংশোধনী আইনৰ সৈতে সংযোগ কৰি বিষবাস্প বিয়পাই কেৰিয়াৰ গঢ়িব বিছাৰিছে তেওঁলোক হতাশ হ’ব।
মন্ত্ৰীগৰাকীয়ে কয় -“দেশত আশ্ৰয় বিচৰাসকলক ভাৰতে সদায় আদৰণি জনাই আহিছে। একগুৰুত্বপূৰ্ণ সিদ্ধান্তৰ জৰিয়তে সকলো ৰহিংগীয়া শৰণাৰ্থীক দিল্লীৰ বককাৰৱালা অঞ্চলৰ ইডব্লিউএছ ফ্লেটলৈ স্থানান্তৰ কৰা হ’ব। তেওঁলোকক মৌলিক সুবিধা, ইউএনএইচচিআৰ আইডি আৰু ২৪ ঘণ্টা দিল্লী আৰক্ষীয়ে সুৰক্ষা প্ৰদান কৰা হ’ব।”
India has always welcomed those who have sought refuge in the country. In a landmark decision all #Rohingya #Refugees will be shifted to EWS flats in Bakkarwala area of Delhi. They will be provided basic amenities, UNHCR IDs & round-the-clock @DelhiPolice protection. @PMOIndia pic.twitter.com/E5ShkHOxqE
— Hardeep Singh Puri (@HardeepSPuri) August 17, 2022
মন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে ভাৰতে ৰাষ্ত্ৰসংঘৰ শৰণার্থী নীতি, 1951ক সন্মান আৰু অনুসৰণ কৰে ৷ ইয়াৰ ভিত্তিত সকলোকে জাতি, ধৰ্ম বা ধৰ্ম নিৰ্বিশেষে আশ্ৰয় প্ৰদান কৰা হয় ৷ এ এন আইৰ এক প্ৰতিবেদন অনুসৰি ই ডব্লিউ এছ (অৰ্থনৈতিকভাৱে দুৰ্বল অংশ)ৰ অন্তৰ্গত মুঠ ২৫০ টা ফ্লেট আছে য’ত ১১০০ ৰোহিংগীয়াক ৰখা হ’ব। বৰ্তমানলৈকে তেওঁলোক মদনপুৰ খাদৰ শিবিৰত বাস কৰি আছে। দিল্লী আৰক্ষীক নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ কোৱাৰ লগতে দিল্লী চৰকাৰৰ সমাজ কল্যাণ বিভাগক ফেন, তিনিবাৰ খাদ্য, লেণ্ডলাইন ফোন, টেলিভিছন আৰু বিনোদন আদিৰ দৰে মৌলিক সুবিধাসমূহ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এই ফ্লেটসমূহ পূৰ্বে দিল্লী চৰকাৰে ক’ভিড শিবিৰৰ বাবে ব্যৱহাৰ কৰিছিল বুলিও প্ৰতিবেদনত আৰু কোৱা হৈছে