আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অধিকাৰী হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাক দহ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰন কৰা হৈছে৷ কালি স্বাস্থ্য পাৰীক্ষা কাৰোৱাৰ অন্তত হাজৰিকাক বিশেষ ন্যায়াধীশৰ অদালতত হাজিৰ কৰোৱা হৈছিল৷ইপিনে, আজি আৰক্ষীৰ জিম্মাত থকাৰ সময়তে গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে৷ যাৰ বাবে তেওক আজি এম এম চি এইচত ভর্তি কাৰোৱা হৈছে৷প্ৰাপ্ত তথ্য অনুসৰি হৃদৰোগত আক্ৰান্ত হৈছে৷ইতিমধ্য চিকিৎসকৰ দলে তেওৰ স্বাস্থ্য পাৰীক্ষা আৰম্ভ কৰিছে৷
উলেখ্য যে নিলম্বিত ডি আই জি জন হৈছে কেইবাকোটি টকাৰ সম্পত্তিৰ গৰাকী৷ ছিমলাৰ দৰে হিল ষ্টেচনত বিলাসী ৰিজর্টৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ কেইবাস্থানত মুল্যবান মাটিৰ গৰাকী হৈছে ডি আই জি ৰৌনক আলী হাজৰিকা৷ তদন্তকাৰী সংস্থা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে প্ৰকাশ কৰা অনুসুৰি গ্ৰেপ্তাৰ হোৱা ডি আই জি জনৰ ছিমলাত আছে এখন বিলাসী ৰিজর্ট৷তদুপৰি ডাউন টা্উন,ধীৰেনপাৰা আৰু হেঙেৰাবাৰীত আছে সুবিশাল অট্টালিকা ৷ কালি মুখ্যমন্ত্ৰীৰ তদাৰাকী কোষে হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল৷
ডি আই জি জনৰ বিপৰীতে অভিযোগ লাভ কৰা পাছতে তদাৰকী কোষে তদন্ত আৰম্ভ কৰিছিল৷ প্ৰাথমিক তদন্তত লাভ কৰা তথ্যৰ ভিত্তিত তদাৰকী কোষে মুখ্যমন্ত্ৰীৰ অনুমোদন সাপেক্ষে দুর্নীতি প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনত ৬/২০২১ নম্বৰৰ গোচৰ ৰুজু কৰে৷তদন্তত পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য৷ চাকৰিকালত হাজৰিকাই বিভাগীয় ভাবে অনুমোদন নোহোৱাকৈ ৯ বাৰ বিদেশ ভ্ৰমণ কৰিছে৷ আনহাতে,হাজৰিকাই দুই সন্তানৰ পঢ়া শুনাৰ নামত আজিলৈকে ব্যয় কৰিছে১,৭৪,১২,৯৭৪ টকা৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে প্ৰকাশ কৰা অনুসৰি ধৃত ডি আই জি জনৰ বিৰুদ্ধে তেওলোকে যথেষ্ট তথ্য প্ৰমান লাভ কৰিছে৷