ৰে’লৱে নিযুক্তি ব’ৰ্ডে আজি আৰআৰবি এনটিপিচি ছিবিএটি পৰীক্ষাৰ দিন ঘোষণা কৰিছে । অহা ৩০ জুলাইত অনুষ্ঠিত হ’ব কম্পিউটাৰ বেচ এপিটিউড টেষ্ট ৷ প্ৰাৰ্থীসকলে ৰেলৱে নিযুক্তি ব’ৰ্ডৰ অফিচিয়েল চাইটত rrbajmer.gov.in ত সৱিশেষ তথ্য লাভ কৰিব পাৰিব ৷ পৰীক্ষাৰ স্থান আৰু তাৰিখ সন্দর্ভত সৱিশেষ তথ্য অহা ২০ জুলাইৰ পৰা উপলব্ধ হ’ব ৷ অনুসূচিত জাতি-জনজাতি শাখাৰ পৰীক্ষাৰ্থীৰ বাবে ভ্ৰমণ সর্ন্দভত ২০ জুলাই ভিতৰত আৰ আৰ বিৰ ৱেবছাইটত সুকীয়া লিংক উপলব্ধ হ’ব ৷ পৰীক্ষাৰ তাৰিখৰ ৪ দিন পূৰ্বে এডমিট কাৰ্ড ডাউনলোড লিংক উপলব্ধ হ’ব ৷
চিবিএটিৰ বাবে চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলে পৰীক্ষাৰ সময়ত ব’ৰ্ডে প্ৰদান কৰা ফৰ্মেটত ভিজন চাৰ্টিফিকেটৰ প্ৰকৃত প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰিব লাগিব ৷ এই প্ৰমাণপত্ৰ দাখিল কৰাত বিফল হ’লে তেওঁলোকক চিবিএটিৰ বাবে অৱতীর্ণ হ’বলৈ অনুমতি দিয়া নহ’ব।
পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া প্ৰাৰ্থীসকলে পৰীক্ষা হলত প্ৰৱেশ কৰাৰ পূৰ্বে পৰীক্ষা কেন্দ্ৰত আধাৰ সংযোগী বায়’মেট্ৰিক দিব লাগিব। প্ৰাৰ্থীসকলে নিজৰ প্ৰকৃত আধাৰ কাৰ্ড লৈ আহিব লাগিব।