ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী দীর্ঘদিন ধৰি আঁঠুৰ সমস্যাত আক্ৰান্ত হৈ আছে ৷ ধনী ক্ৰিকেটাৰসকলৰ অন্যতম ধোনীয়ে আঠুঁৰ বিষৰ উপশম বিচাৰি কাষ চাপিছে আয়ুৰবেদিক চিকিৎসকৰ ৷ কিন্তু তাৰকা ক্ৰিকেটাৰ গৰাকীৰ চিকিৎসাৰ বাবদ চিকিৎসকে লোৱা ফীজৰ পৰিমান শুনিলে আপুনিও আচৰিত হ’ব ৷ ক্ৰিকেটাৰজনৰ পৰা মুঠ ৪০ টকা ফীজ হিচাপে গ্ৰহণ কৰিছে চিকিৎসকজনে ৷
দৈনিক ভাস্কৰ কাকতত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি ৰাঁচীৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত লাপুঙৰ ঘন বনাঞ্চল অঞ্চলত বাস কৰা আয়ুৰ্বেদিক চিকিৎসক বন্দন সিং খেৰভাৰে ক্ৰিকেটাৰজনৰ চিকিৎসা অব্যাহত ৰাখিছে ৷
পিতৃ-মাতৃৰ চিকিৎসাৰ পাছত ইতিবাচক ফলাফল প্ৰত্যক্ষ কৰাৰ পাছতে ক্ৰিকেটাৰগৰাকীয়ে ৰাঁচীৰ এই আশ্ৰমত আঁঠুৰ চিকিৎসা কৰাৰ সিদ্ধান্ত লয়।চিকিৎসকৰ মতে, মহেন্দ্ৰ সিং ধোনীয়ে তেওঁক জনায় যে তেওঁ কেলচিয়ামৰ অভাৱত আঁঠুৰ বিষত ভুগিছে।
বন্দন সিং খেৰভাৰে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ পৰা পৰামৰ্শ মাচুল হিচাপে ২০ টকা আৰু ২০ টকাৰ ঔষধ তেওঁ প্ৰেছক্ৰিপচন কৰে ৷ ধোনীয়ে চাৰিদিনমানৰ মূৰে মূৰে আশ্ৰমলৈ আহি চিকিৎসা গ্ৰহণ কৰি আহিছে । এমাহৰ পৰা তেওঁ চিকিৎসকজনক দেখা কৰি আছে।
বন্দন সিং খেৰভাৰে কয় যে ধোনী তেওঁৰ ওচৰলৈ অহাৰ সময়ত চিনিব পৰা নাছিল। মহেন্দ্ৰ সিং ধোনীৰ লগত থকা লোকসকলে কৈছিল যে চিকিৎসকৰ পৰামর্শ ল’বলৈ তেওঁৰ ওচৰলৈ আহিছে ৷
ধোনীৰ পিতৃ-মাতৃকো চিকিৎসা কৰিছ বুলি উল্লেখ কৰি চিকিৎসকগৰাকীয়ে কয় যে যোৱা তিনিমাহৰ পৰা ধোনীয়ে ঔষধ সেৱন কৰি আহিছে।
অঞ্চলটোত মহেন্দ্ৰ সিং ধোনীৰ উপস্থিতি দেখি তেওঁক প্ৰত্যক্ষ কৰিবলৈ অনুৰাগীৰ ভিৰ হয়। হুলস্থলীয়া পৰিৱেশৰ যাতে সৃষ্ট নহয় তাৰ বাবে গাড়ীৰ ভিতৰতে ঔষধ গ্ৰহণ কৰি পুনৰ ওভতি আহে ধোনী ৷ অৱশ্যে অনুৰাগীক চেলফিৰ পৰা বঞ্চিত নকৰে তাৰকাজনে ৷