দুদিনীয়া ভ্ৰমণসূচীৰে পৃথিৱীৰ বৃহৎ নদীদ্বীপ তথা সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলীত উপস্থিত হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱত ৷ উত্তৰ কমলাবাৰী সত্ৰৰ সভাগৃহত আজি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পন্থৰ ১১৪ গৰাকী সন্তৰ সৈতে তেওঁ মত বিনিময় কৰে ৷ ‘পুৰ্বোত্তৰ সন্ত মণিকাঞ্চন -২০২৩’ শীৰ্ষক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি সন্তসকলক তেওঁ সম্বোধন কৰে ৷
উল্লেখ্য, ১৯৬৬ চনৰ পিছত অসমত এইবেলি পুৰ্বোত্তৰ সন্ত মণিকাঞ্চন সন্মিলন অনুষ্ঠিত হৈছে ৷ সন্মিলনত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ এই মাজুলীতে মণিকাঞ্চন সংযোগ হোৱাৰ দৰে পুৰ্বোত্তৰৰ সন্ত মণিকাঞ্চন সংযোগ হ’ল৷ ৰাজনৈতিকভাৱে পৃথক হলেও ধৰ্মীয় আৰু সাংস্কৃতিকভাৱে এক হৈয়ে আছে ৷
মাজুলী জিলাৰ সৰ্বাধিক ২৪ গৰাকী, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, তেজপুৰ, নগাঁও, গোৱালপাৰাৰ আৰু গাৰো পাহাৰৰ দুগৰাকীকৈ, যোৰহাট জিলা,গোলাঘাট, মৰিগাঁও আৰু মনিপুৰৰ চাৰি গৰাকীকৈ , কার্বি আংলং, নাগাভূমি, ধেমাজী ,ডিব্ৰুগড় আৰু জয়ন্তীয়া জিলাৰ তিনি গৰাকীকৈ, লখিমপুৰ, কোকৰাঝাৰ আৰু অৰুণাচলৰ আঠ গৰাকীকৈ, দক্ষিণ কামৰূপ, চৰাইদেউ, কামৰূপ, বাক্সা, ধুবুৰী, চিলং আৰু ত্ৰিপুৰাৰ এগৰাকীকৈ, গুৱাহাটী আৰু বৰপেটা জিলাৰ ৫ গৰাকী ধৰ্মগুৰু সহ ১১৪ গৰাকী ধৰ্মগুৰুৱে অংশগ্ৰহণ কৰে ৷
ইফালে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ড০ মোহন ভাগৱতে বিয়লি মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ দৰ্শন কৰে ৷ সন্ধিয়া শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সভাগৃহত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিব ।