ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে আজি সাক্ষাৎ কৰে তিব্বতীয় ধর্মীয় গুৰু দালাই লামাক ৷ হিমাচল প্ৰদেশৰ ধৰমশালাত তিব্বতীয় ধর্মীয় গুৰু তথা শান্তিৰ নোবেল বটাঁপ্ৰাপক লামাক সাক্ষাৎ কৰে ভাগৱতে ৷ দালাই লামৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকখন এঘন্টাজুৰি চলে ৷ নির্বাসিত তিব্বত চৰকাৰৰ ৰাষ্ট্ৰপতি পেনপা ছাৰিং, তেওঁৰ কেবিনেট সতীর্থ আৰু নির্বাসিত তিব্বত সংসদৰ অধ্যক্ষ সোনম টেম্ফেলেও মোহন ভাগৱতক সাক্ষাৎ কৰে ৷
এই বৈঠকৰ পাছতে সংবাদমধ্যমৰ সৈতে মত বিনিময় কৰি ছাৰিঙে কয় ‘যোৱা ১৫ ডিচেম্বৰৰ পৰা দালাই লামাই অনুৰাগীক সাক্ষাৎ কৰিবলৈ আৰম্ভ কৰিছে ৷ আজি সৰসংঘচালক মোহন ভাগৱতে তেওঁক সাক্ষাৎ কৰে ৷ ভাৰতৰ বৃহৎ সংখ্যক লোকক প্ৰতিনিধিত্ব কৰা সংগঠনৰ নেতাক দালাই লামাই সাক্ষাৎ কৰাটো একেবাৰে স্বাভাৱিক ৷”
ছাৰিঙে লগতে কয় যে তেওঁলোকৰ প্ৰতি ভাৰত চৰকাৰ আৰু দেশখনৰ নাগৰিকসকলে প্ৰদর্শন কৰা সমর্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ এয়া এক সুযোগ ৷ তেওঁ দুই নেতাৰ মাজত অনুষ্ঠিত বৈঠকৰ সময়ত উপস্থিত নাছিল বুলি উল্লেখ কৰি ছাৰিঙে কয় ‘ মই নিশ্চিত যে দুয়োগৰাকী নেতাই মানৱীয়তাৰ বিভিন্ন দিশক লৈ আলোচনা কৰিছে ৷ দালাই লামাৰে বৈঠক সমাপ্ত হোৱাৰ পাছত আৰ এছ এছ প্ৰধান গৰাকীয়ে মোৰ লগতে আমাৰ কেবিনেট সতীর্থসকলৰ সৈতে মত বিনিময় কৰে ৷ আমি ভাৰত চৰকাৰে আমাৰ প্ৰতি প্ৰদর্শন কৰি অহা সমর্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ চীনৰ আগ্ৰাসনৰ পূর্বে স্বাধীন তিব্বতৰ বিভিন্ন্ বিষয় আলোচনা কৰা হয় ৷ তেওঁ আমাক ৰাইজৰ সকলো সমর্থন প্ৰদান কৰিব বুলি আশ্বাস দিয়ে ৷‘ কাংৰা আৰু ধৰমশালাৰ ৫ দিনীয়া ভ্ৰমণেৰে কালি উপস্থিত হৈছিল আৰ এছ এছ প্ৰধান গৰাকী ৷