ক’ভিডৰ নতুন ভেৰিয়েন্টে সমগ্ৰ বিশ্ববাসীক আতংকিত কৰি তুলিছে ৷ বিশ্বৰ ১৫ খনতকৈয়ো অধিক দেশত এই নতুন ভেৰিয়েন্ট ধৰা পৰাৰ পিছতে সতর্ক হৈ পৰিছে সমগ্ৰ বিশ্ব ৷ ইতিমধ্যে ভাৰততো গ্ৰহণ কৰা হৈছে কেতবোৰ সতর্কতামুলক ব্যৱস্থা ৷ বিশেষকৈ বিদেশৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম বান্ধি দিছে ৷ ১ ডিচেম্বৰৰ পৰা বিদেশৰ পৰা অহা যাত্ৰীয়ে পালন কৰিব লাগিব এইসমূহ নিয়ম-
- বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত কৰিব লাগিব আৰ টি পি চি আৰ টেষ্ট ৷
- অ’মিক্ৰনৰ সংক্ৰমন ঘটা দেশসমুহৰ পৰা অহা যাত্ৰীসকলৰ বাবে টেষ্টৰ ফলাফল অহালৈকে বিমানবন্দৰত সুকীয়া স্থানত অপেক্ষা কৰিব লাগিব ৷
- আৰ টি পি চি আৰ টেষ্টৰ ফলাফল নিগেটিভ আহিলেও, সাত দিনৰ বাবে থাকিব লাগিব কোৱাৰেন্টাইনত ৷ অষ্টম দিনা পুনৰ তেওঁলোকৰ টেষ্ট কৰা হ’ব ৷
- জাহাজবন্দৰেৰে অহা যাত্ৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব একে নিয়ম ৷
- ৫ বছৰ অনুর্ধৰ শিশুসকলৰ ক্ষেত্ৰত বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত টেষ্টৰ পৰা ৰেহাই দিয়া হৈছে ৷