এপিএছচিত সংঘটিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ৰাজপত্ৰিতা বিষয়াক জেৰা অব্যাহত ৰাখিছে এছ আইটিয়ে । সোমবাৰে এছআইটিৰ সন্মুখত হাজিৰ হৈছে ৰাজপত্ৰিত বিষয়া ৰুমিৰ তিমুংপী। চিআইডি কাৰ্যালয়ত পুৱাৰ ভাগতে ৰুমিৰ তিমুংপী হাজিৰ হৈছে।
উল্লেখ্য যে আটাইকেইখন কাকততে নম্বৰ বৃদ্ধি কৰি ৰুমিৰক উত্তীর্ণ কৰোৱাই দিয়া হৈছিল এপিএছচিৰ পৰীক্ষাত ৷ ৰাকেশ পালক টকা দি নম্বৰ লৈছিল তেওঁ ৷
ৰাকেশ পালৰ কৃপাতে এপিএছচি পৰীক্ষাত অনুতীৰ্ণ হোৱা ৰুমিৰ হৈছিল এপিএছ বিষয়া।কাট এফ নম্বৰতকৈ বহু কম নম্বৰ কম পাইছিল তেওঁ। যাৰ বাবে ৰাকেশ পালে প্ৰতিটো বিষয়ত ৫০ ৰ পৰা ১০০ নম্বৰ বৃদ্ধি কৰি দিছিল। তিমুংপীক মুঠ ২০০ নম্বৰ বৃদ্ধি কৰি দিছিল ৰাকেশ পালে।
ন্যায়িক আয়োগৰ প্ৰতিবেদনত নাম থকা সত্বেও ৰুমিৰ তিমুংপীক নেচনেল ইনভেষ্টিগেচন এজেন্সীলৈ ডেপুটেচনত প্ৰেৰণ কৰা হৈছিল ৷ ইয়াক লৈ তীব্ৰ বিতর্কৰ সৃষ্টি হৈছিল আজি জেৰাৰ অন্তত বিষয়াজনক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷