ডলাৰৰ বিপৰীতে দূর্বল হৈয়ে আছে ভাৰতীয় মুদ্ৰা ৷ ডলাৰৰ বিপৰীতে নতুন অভিলেখ ৰচনা কৰি ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৩.০৯২৫ টকালৈ অৱনমিত হৈছে ৷ পূর্বে প্ৰতি ডলাৰৰ বিপৰীতে ৮২.৯৮২৫ ত মুকলি হৈ ৮৩.১২১২ টকালৈ অৱনমিত হোৱাৰ পাছত নতুন অভিলেখ সৃষ্টি কৰাৰ পিছত প্ৰতি ডলাৰত টকাৰ মূল্য ৮৩.০৯২৫ লৈ নিম্নগামী হৈছে ৷ পিটিআইৰ বাতৰি অনুসৰি পুৱাই টকাৰ মূল্য ৬ পইচা হ্ৰাস পাই আমেৰিকান ডলাৰৰ বিপৰীতে সৰ্বকালৰ নতুন নিম্নতম স্তৰ ৮৩.০৬ টকাত উপনীত হয়।
কানাডা, ব্ৰিটেইন আৰু নিউজিলেণ্ডে আদিৰ দৰে দেশত চলিত সপ্তাহত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ হাৰক লৈ প্ৰতিখন দেশৰ কেন্দ্ৰীয় বেংকসমূহ শংকিত হৈ পৰিছে ৷ সমান্তৰালভাৱে ডলাৰৰ বিপৰীতে মুদ্ৰাৰ মূল্য নিম্নগামী হোৱাত অর্থনৈতিক অৱস্থা অধিক বিধ্বস্ত হোৱাৰ লগতে বিনিয়োগৰ ক্ষেত্ৰখনত অধিক প্ৰভাৱ পৰাৰ আশংকা অধিক ঘনীভুত হৈছে ৷