অবিভক্ত গোৱালপাৰা জিলাৰ একমাত্ৰ বিমান বন্দৰ ‘ৰূপসী’ বিমান বন্দৰৰ নাম সলনি কৰি ‘কালীচৰণ ব্ৰহ্ম বিমান বন্দৰ’ নামাকৰণ কৰিবলৈ লোৱা চৰকাৰৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছে কমতাপুৰ সুৰক্ষা সমিতিয়ে। কমতাপুৰ সুৰক্ষা সমিতিৰ উপ সভাপতি অমৰেন্দ্ৰ নাৰায়ণ বৰ্মনৰ স্বাক্ষৰিত বিবৃতিত উল্লেখ কৰা হৈছে যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ চৰকাৰৰ প্ৰয়োজনত ৰূপসীৰ জমিদাৰ প্ৰয়াত জগদীন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে তিনি হেজাৰ বিঘাতকৈ অধিক ভূমি বিমান বন্দৰ নিৰ্মাণৰ বাবে আগবঢ়াইছিল।
ব্ৰিটিছ চৰকাৰে জমিদাৰৰ পত্নীৰ নামেৰে বিমান বন্দৰৰ নাম ৰাখি কোচ ৰাজবংশীৰ ঐতিহাসিক অৱদানৰ স্বীকৃতি দান কৰিছে বুলি জানিবলৈ দিছে। ৰূপসী বিমান বন্দৰ ৰপসীৰ জমিদাৰ আৰু কোচ ৰাজবংশীৰ আবেগ আৰু স্বাভিমান। গতিকে কোচ ৰাজবংশীৰ অৱদান আৰু ইতিহাসক নস্যাৎ কৰি বন্দৰৰ নাম সলনি কৰাটো কোনোপধ্যে মানি লোৱা নহ’ব বুলি প্ৰস্তাৱ উঠাই লবলৈ চৰকাৰক দাবী জনাইছে কমতাপুৰ সুৰক্ষা সমিতিয়ে। থলুৱা সকলো জাতি জনগোষ্ঠীয়ে নাম সলনি প্ৰস্তাৱৰ ঘোৰ বিৰোধিতা কৰে বুলিও বিবৃতিটোত উল্লেখ আছে।