ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰিব পাৰে ৰাছিয়াই ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে শুকুৰবাৰে এইক্ষেত্ৰত ইতিবাচক মন্তব্য আগবঢ়াইছে। তেওঁ কয় যে যুদ্ধবিৰতিলৈ যাবলৈ তেওঁ ইচ্ছুক। কিন্তু তাৰ বাবে ইউক্ৰেইনে কিছুমান চৰ্ত মানি ল’ব লাগিব!
সংবাদ সংস্থা এ পিৰ মতে, মস্কোত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত দিয়া ভাষণত পুটিনে কয় যে তেওঁলোকে তৎক্ষণাত যুদ্ধবিৰতি ঘোষণা কৰিব। একে সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইউক্ৰেইনক দখল কৰা চাৰিটা ভূখণ্ডৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈও দাবী জনায়।
পুটিনৰ দাবী ইয়াতেই শেষ নহয়। তেওঁ কয় –“ ইউক্ৰেইনে সামৰিক শক্তিৰ ওপৰত বাধা আৰোপ কৰিব লাগিব। ইয়াৰ উপৰিও সেই দেশত ৰাছিয়ানসকলৰ স্বাৰ্থও চাব লাগিব। “তেওঁৰ মতে এই সকলোবোৰ বিষয় ‘মৌলিক আন্তঃৰাষ্ট্ৰীয় চুক্তি’ৰ অংশ হ’ব লাগে। ইয়াৰ উপৰিও পুটিনে ৰাছিয়াৰ বিৰুদ্ধে বিভিন্ন দেশে আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈও দাবী জনায়।
ইটালীত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনত বিশ্বৰ নেতাসকলে অংশগ্ৰহণ কৰাৰ সময়তে পুটিনৰ এই মন্তব্যই তাৎপর্য বহন কৰিছে । এই সন্দৰ্ভত ছুইজাৰলেণ্ডে ইউক্ৰেইনত শান্তি ঘূৰাই অনাৰ উদ্দেশ্যে চলিত সপ্তাহৰ শেষত বিশ্বৰ নেতাসকলৰ বৈঠকৰ আহ্বান জনাইছে। কিন্তু ৰাছিয়াই এনে কোনো বৈঠকত অংশগ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিছে।