ইউক্ৰেইনৰ ওপৰত সামৰিক অভিযান ঘোষণা কৰাৰ পাছতে বিশ্ব সম্প্ৰদায়ৰ সমালোচনাৰ সন্মুখীন হৈছে ৰাছিয়া ৷ শীঘ্ৰে এই যুদ্ধ বন্ধ কৰিবলৈ দুয়োখন দেশক আহ্বান জনাইছে ৰাষ্ট্ৰসংঘৰ লগতে বিভিন্ন দেশে ৷ কিন্তু বিশ্ববাসীৰ আহ্বানক নস্যাৎ কৰি ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখা ৰাছিয়াৰ বিৰুদ্ধে কেইবাখনো দেশে আৰোপ কৰিছে নিষেধাজ্ঞা ৷ ইয়াৰ মাজতে ৰাছিয়াই প্ৰকাশ কৰিছে বন্ধুত্বসুলভ আচৰণ প্ৰকাশ নকৰা দেশৰ তালিকা ৷ অৱশ্যে ৰাছিয়াই প্ৰকাশ কৰা এই তালিকাত নাম নাই ভাৰতৰ ৷ অর্থাৎ এতিয়াও ৰাছিয়াৰ বন্ধুৰ তালিকাতে আছে ভাৰতৰ নাম ৷ আনহাতে বন্ধুত্বসুলভ আচৰণ প্ৰকাশ নকৰা দেশৰ তালিকাত সন্নিৱিষ্ট হোৱা দেশসমূহৰ ভিতৰত আছে-অষ্ট্ৰেলিয়া,কানাডা,ইউৰোপীয় ইউনিয়ন,আইচলেণ্ড,জাপান, ম’নাকো,মণ্টেনিগ্ৰো, নিউজিলেণ্ড,নৰৱে,টাইৱান,চান মাৰিনো,ছিংগাপুৰ, দক্ষিণ কোৰিয়া,চুইজাৰলেণ্ড ইউক্ৰেইন,ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ৷