ৰাছিয়া আৰু ইউক্ৰেইনৰ সীমান্তত এতিয়া বাজি উঠিছে যুদ্ধৰ দামামা ৷ যিকোনো মূহুর্ততে ইউক্ৰেইনৰ ওপৰত আক্ৰমন চলাবলৈ তৎপৰ হৈ পৰিছে ৰাছিয়া ৷ সীমান্তত ইতিমধ্যে দেশখনে বৃদ্ধি কৰিছে সেনাৰ সঞ্চালন ৷ যুদ্ধ বিমান, হেলিকপ্টাৰ পর্যন্ত সাজু কৰি ৰাখিছে ৰাছিয়াই ৷ উপগ্ৰহৰে তোলা নতুন ছবিত সীমান্ত অঞ্চলত ৰাছিয়াই সামৰিক কার্যকলাপ বৃদ্ধি কৰাতো স্পষ্ট হৈ পৰিছে ৷ যোৱা ৪৮ ঘণ্টাত মেক্সাৰ নামৰ উপগ্ৰহটোৰে বেলাৰুছ, ক্ৰিমিয়া আৰু পশ্চিম ৰাছিয়াৰ উচ্চ-ৰিজলিউশ্বন সম্পন্ন ছবি তোলা হৈছিল ৷ য’ত বৃহৎ সৈন্যৰ দলে বাহৰ পতাৰ লগতে আৰু আক্ৰমণকাৰী হেলিকপ্টাৰ সাজু হৈ থকা দেখা গৈছিল ৷
ৰাছিয়াই ইউক্ৰেইনৰ উত্তৰ আৰু উত্তৰ-পূব প্ৰান্তত অৱস্থিত অঞ্চলত নিজৰ সেনাৰ সঞ্চালন বৃদ্ধি কৰিছে ৷ ইয়াত ইউক্ৰেইনৰ দক্ষিণ-পূব আৰু ক্ৰিমিয়াত থকা এটা বৃহৎ বায়ু সেনাৰ ঘাটিও অন্তৰ্ভুক্ত হৈ আছে ৷ এই ঘাটিতো ৰাছিয়াই ২০১৪ চনত স্থাপন কৰিছিল। তদুপৰি ক্ৰিমিয়াৰ অকটিয়াব্ৰস্কোয়ে বিমানঘাটিলৈ বৃহৎ সংখ্যক সৈন্যৰ সঞ্চালন আৰু অস্ত্ৰ-শস্ত্ৰ পৰিবহন কৰা দেখা গৈছিল ৷ দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা উত্তেজনা নিয়ন্ত্ৰন কৰিবলৈ আন্তজার্তিক সম্প্ৰদায়ে অব্যাহত ৰাখিছে ৷ ইউক্ৰেইনৰ ওপৰত আক্ৰমন চলাবলৈ ৰাছিয়াই চলোৱা প্ৰচেষ্টাক কঠোৰ ভাষাৰে গৰিহনা দি আহিছে আমেৰিকাই ৷ আনকি ইউক্ৰেইনক আক্ৰমন কৰিলে আমেৰিকাই হাত সাৱটি বহি নাথাকে বুলিও ৰাছিয়াক সতর্ক কৰি দিছে ৷ ইতিমধ্যে ইউক্ৰেইনক সামৰিক সমর্থন আগবঢ়াইছে অমেৰিকাই ৷ লক্ষণীয় যে নাটো বাহিনীৰ সৈতে ইউক্ৰেইনৰ সম্পর্ক বৃদ্ধি কৰাৰ বাবে দেশখনৰ ওপৰত খর্গহস্ত হৈ পৰিছিল ৰাছিয়া ৷ ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীন হোৱা বুলি ১৯৯১ চনত ঘোষণা কৰাৰ পাছৰে পৰা ৰাছিয়াই দেশখনৰ বিৰুদ্ধে অৱস্থিতি ঘোষণা কৰি আহিছে ৷