ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই সামৰিক আক্ৰমণ আৰম্ভ কৰাৰ এবছৰ হ’ল। এতিয়াও দুয়োখন দেশৰ মাজত অব্যাহত আছে যুদ্ধ ৷ এই পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাছিয়াক তীব্ৰ সমালোচনা কৰে। কিয়েভ ভ্ৰমণ কৰি পোলেণ্ডত উপস্থিত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে দাবী কৰিছে যে ৰাছিয়াৰ বাবে ইউক্ৰেইন জয় কৰাটো কাৰ্যতঃ অসম্ভৱ।
পোলেণ্ডৰ ৰাজধানী ৱাৰ্ছৰ ৰয়েল কেছলৰ সন্মুখত ৰাষ্ট্ৰপতি বাইডেনৰ ভাষণ শুনিবলৈ বহুসংখ্যক লোকৰ আগমণ ঘটে ৷ বাইডেনে কয় – একনায়কত্ববাদীয়ে সাম্ৰাজ্যখন পুনৰ নিৰ্মাণ কৰিব বিচাৰিছে। কিন্তু মানুহৰ স্বাধীনতাৰ প্ৰতি থকা প্ৰেম কেতিয়াও বিফল নহয়। হিংসাই মুক্ত চিন্তাৰ সোঁতক স্তব্ধ কৰিব নোৱাৰে। ইউক্ৰেইনত ৰাছিয়া কেতিয়াও জয়ী নহ’ব, কেতিয়াও।”
কিয়েভ ভ্ৰমণৰ ২৪ ঘণ্টাৰ ভিতৰত অনুষ্ঠিত হোৱা বৈঠকত বাইডেনে কয় যে কিয়েভে অতি দৃঢ়তাৰে যুঁজি আছে। কিয়েভৰ সকলোতে মুক্তিৰ বতাহ বলিছে।”
শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নিয়মিতভাৱে এই পৰিস্থিতিৰ বাবে বিভিন্ন পশ্চিমীয়া দেশক দোষাৰোপ কৰি আহিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়েও সেই কথাৰ প্ৰতি সঁহাৰি জনায়। তেওঁ কয় যে পুটিনে কোৱাৰ দৰে সমগ্ৰ পশ্চিমীয়া বিশ্বই ৰাছিয়াক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰা নাই। তেওঁ কয় –“আচলতে পশ্চিমীয়া বিশ্বই শান্তিৰে জীয়াই থাকিব বিচৰা লাখ লাখ ৰাছিয়ান নাগৰিকক ভাল পায়। তেওঁলোক আমাৰ শত্ৰু একেবাৰেই নহয়।” পশ্চিমীয়া সমাজ অৰ্থাৎ নাটো আৰম্ভণিৰে পৰাই ইউক্ৰেইনৰ পক্ষত থকাৰ কথা বাইডেনে পুনৰ উল্লেখ কৰে ৷