আমেৰিকাক প্ৰত্যক্ষ প্ৰত্যাহবান জনাই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰাৰ পাছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ প্ৰাণৰ প্ৰতি শংকা আহিছে ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীক হত্যাৰ প্ৰচেষ্টা চলোৱা হৈছিল ৷ য’ত কথমপি প্ৰাণ ৰক্ষা পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীৰ ৷ ইউৰো উইকলি নামৰ টেলিগ্ৰাম চেনেলত এই তথ্য প্ৰকাশ পাইছে। অৱশ্যে কেতিয়া পুটিনক হত্যাৰ ষড়যন্ত্ৰ কৰা হৈছিল সেয়া জানিব পৰা হোৱা নাই। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰা পুটিনৰ স্বাস্থ্য আৰু জীৱনৰ প্ৰতি অহা ভাবুকিক লৈ উৰাবাতৰি প্ৰচাৰ হৈ আহিছে ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ২০১৭ চনত ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল যে তেওঁক কমেও পাঁচবাৰ হত্যা কৰিবলৈ চেষ্টা কৰা হৈছিল ৷
টেলিগ্ৰাম চেনেলৰ বাতৰি অনুসৰি পুটিনে ব্যৱহাৰ কৰা লিমুজিন নামৰ বাহনখনৰ বাওঁফালৰ সন্মুখৰ চকাত জোৰেৰে আঘাত কৰা হৈছিল ৷ এই আঘাতত গাড়ীখনৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছিল যদিও গাড়ীখন দ্ৰুতগতিত নিৰাপদ স্থানলৈ লৈ যোৱা হৈছিল। এই ঘটনাত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ কোনো ক্ষতি হোৱা নাছিল ৷ এই সন্দর্ভত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। নিউজ ডট ক’ৰ দৰে আন সংবাদ মাধ্যমেও এই বিষয়ে বাতৰি প্ৰকাশ কৰি কয় যে নিৰাপত্তাজনিত উদ্বেগৰ মাজতে পুটিনে ডিক’ই মটৰকেডত থকা নিজৰ চৰকাৰী বাসগৃহলৈ উভতি আহিছিল।
ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক লোকচান আৰু পশ্চিমীয়া দেশসমূহৰ নিষেধাজ্ঞাৰ বাবে হোৱা অৰ্থনৈতিক ক্ষতিকে ধৰি কেইবাটাও কাৰণ উল্লেখ কৰি ছেইণ্ট পিটাৰ্ছবাৰ্গৰ কেইবাগৰাকী ৰাজনীতিবিদে পুটিনৰ পদত্যাগ দাবী কৰিছে ৷ ছেইণ্ট পিটাৰ্ছবাৰ্গ, মস্কো আৰু আন কেইবাটাও অঞ্চলৰ ৬৫ জন পৌৰসভাৰ প্ৰতিনিধিয়ে সোমবাৰে এখন আবেদনত স্বাক্ষৰ কৰি পুটিনৰ পদত্যাগৰ আহ্বান জনাইছে।