ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই আৰম্ভ কৰা সামৰিক আক্ৰমণে এসপ্তাহ অতিক্ৰম কৰিলে ৷ এই এসপ্তাহত ৰাছিয়াৰ আক্ৰমনত তচনচ হৈ পৰিছে ইউক্ৰেইনৰ কেইবাখনো চহৰ ৷ প্ৰাণ হেৰুৱাইছে দুয়োখন দেশৰ সামৰিক বাহিনীৰ লোকৰ লগতে সাধাৰণ নাগৰিকে ৷ ইয়াৰ মাজতে ৰাছিয়াই আক্ৰমনৰ লক্ষ্য কৰি লৈছে ইউক্ৰেইনত থকা ইউৰোপৰ সর্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প ৷ শুকুৰবাৰে পুৱা ৰাছিয়াৰ আক্ৰমণৰ পিছত ইউক্ৰেইনৰ জাপোৰিজজিয়াত থকা ইউৰোপৰ আটাইতকৈ ডাঙৰ পাৰমাণৱিক শক্তি প্ৰকল্পত জুই লাগিছে ৷
Russian army is firing from all sides upon Zaporizhzhia NPP, the largest nuclear power plant in Europe. Fire has already broke out. If it blows up, it will be 10 times larger than Chornobyl! Russians must IMMEDIATELY cease the fire, allow firefighters, establish a security zone!
— Dmytro Kuleba (@DmytroKuleba) March 4, 2022
ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই টুইটাৰৰ জৰিয়তে কয় “ৰাছিয়াৰ সেনাই ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প জাপোৰিজজিয়া এনপিপিৰ ওপৰত সকলো ফালৰ পৰা গুলীবৰ্ষণ কৰি আছে ৷ যাৰ বাবে ইতিমধ্যে প্ৰকল্পটোত জুই লাগিছে। যদি ই বিস্ফোৰণ হয় তেনেহ’লে চেৰনোবাইল দুর্ঘটনাতকৈ ১০ গুণ ডাঙৰ দুর্ঘটনা সংঘটিত হ’ব ৷ “ ইতিমধ্যে অগ্নি নির্বাপনৰ চেষ্টা অব্যাহত ৰখা হৈ