পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীৰে আজি ৰাজ্যজুৰি প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰে সদৌ অসম কর্মচাৰী পৰিষদে ৷ সেই অনুসৰি আজি কর্মচাৰী পৰিষদৰ উদ্যোগত বিভিন্ন জিলা আৰু উপ জিলাসমূহৰ সদৰত দিনৰ ১১ বজাৰ পৰা বিয়লি ২ বজালৈ অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ন কৰে ৷
কেইবাটাও সংগঠনৰ সহযোগত পৰিষদৰ অন্তর্গত ৫২ খন জিলা কর্মচাৰী পৰিষদে এই অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ন কৰে ৷ শিক্ষক, বিষয়া, কর্মচাৰীসকলে এই প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰে ৷
কর্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান দিলীপ কলিতাই কয় যে পেঞ্চন চৰকাৰী কর্মচাৰীসকলৰ অধিকাৰ , ই কোনো অনুগ্ৰহ নহয় ৷ ভাৰতৰ কেইবাখনো ৰাজ্যই পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখিছে ৷ গতিকে অসমতো ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাটো সময়ৰ আহ্বান বুলি তেওঁ উল্লেখ কৰে ৷
সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে নগাঁৱৰ বিভিন্ন কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে৷ নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত ১১বজাৰ পৰা অবস্থান ধৰ্মঘট কার্যসূচী ৰূপায়ন কৰে কৰ্মচাৰীসকল ৷