অসমীয়া সাহিত্যৰ বাবে সুখবৰ ৷ দুগৰাকী বিশিষ্ট সাহিত্যিকলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি পুৰস্কাৰ ৷ এই বঁটাৰে সন্মানিত কৰা সাহিত্যিক দুগৰাকী হৈছে ৰঞ্জু হাজৰিকা আৰু ডাঃ নয়নজয়োতি শর্মা ৷ “জাল কটা জুই” নামৰ চুটি গল্প সংকলনৰ বাবে নয়নজ্যোতি শর্মাক সাহিত্য অকাডেমিৰ যুৱ সাহিত্য পুৰস্কাৰ প্ৰদান কৰা হৈছে ৷ ইপিনে “বিপন্ন বিস্ময় খেল” নামৰ উপন্যাসৰ বাবে বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকা সাহিত্য অকাডেমিৰ শিশু সাহিত্য পুৰস্কাৰ প্ৰদান কৰা হৈছে ৷ আজি সাহিত্য অকাডেমিয়ে এই বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছে ৷
লক্ষণীয় যে উদীয়মান সাহিত্যিক নয়নজ্যোতি শর্মাৰ চুটি গল্প সংকলনখনে যথেষ্ট সমাদৰ লাভ কৰিছে ৷ ইতিমধ্যে কেইবাটায়ো বঁটা লাভ কৰিছে তেওঁ ৷ ইপিনে ৰহস্যধর্মী উপন্যাসেৰে অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰিছে ৰঞ্জু হাজৰিকাই ৷ এই খবৰে ৰাজ্যবাসীক উৎফুল্লিত কৰি তুলিছে ৷