২০২১-২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চনৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকৰ কাৰ্যালয়ে।ৰাজ্যৰ প্ৰতিষ্ঠিত সাহিত্যিক অথবা লেখক অথবা গ্ৰন্থ প্রনেতা সকলে এই পেঞ্চনৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে অসমৰ সাহিত্যৰ ক্ষেত্ৰ খনলৈ বিশিষ্ট অৱদান আগবঢ়াইছে তেঁওলাকৰ বাবে এই পেঞ্চন ঘোষণা কৰা হৈছে। সাহিত্যক পেঞ্চনৰ বাবে আবেদনৰ ক্ষেত্ৰত কেইবাটাও নিৰূপক মান নিৰ্দ্ধাৰণ কৰা হৈছে। সেই অনুসৰি আবেদানকাৰীসকল ৰাজ্যৰ জ্যেষ্ঠ নাগৰিক হোৱাৰ লগতে সাহিত্য ক্ষেত্রখনলৈ বিশিষ্ট অৱদান আগবঢ়োৱা হিচাপে চিহ্নিত হ’ব লাগিব।আবেদানকাৰীসকলে আবেদানপত্ৰৰ সৈতে স্ব ৰচিত প্ৰকাশিত দুখন গ্ৰন্থ জমা দিয়াটো বাধ্যতামুলক।
ইচ্ছুক সাহিত্যিক,লেখক অথবা গ্ৰন্থ প্রনেতাই http:directorateofhighereducation.assam.gov.in ত সন্নিবিষ্ট আবেদনপত্ৰ ৬ অক্টোবৰৰ পৰা ৩০অক্টোবৰৰ ভিতৰত অনলাইন যোগে পূৰণ কৰি দাখিল কৰিব পাৰিব। আবেদানকাৰী সকলে স্বৰচিত প্ৰকাশিত দুখন গ্ৰন্থ সমৰ্থিত তথ্য পাতিৰ সৈতে আবেদনপত্ৰৰে সংলগ্ন কৰি কাহিলিপাৰস্থিত উচ্চ শিক্ষা সঞ্চালকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰিব।