VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ তুলসীমুখৰ শংকৰী‌ সংস্কৃতিৰ সাধক, বিশিষ্ট শিক্ষাবিদ, নামাচাৰ্য সোণাৰাম বৰাৰ পৰলোক

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
March 5, 2023
in মুখ্য সংবাদ
নগাঁৱৰ তুলসীমুখৰ শংকৰী‌ সংস্কৃতিৰ সাধক, বিশিষ্ট শিক্ষাবিদ, নামাচাৰ্য সোণাৰাম বৰাৰ পৰলোক
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ তুলসীমুখ নিবাসী শংকৰী সংস্কৃতিৰ সাধক,প্ৰবীণ শিক্ষাবিদ, নামাচাৰ্য সোণাৰাম বৰা(৮৭)ৰ শুক্ৰবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে । বৰাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে। উল্লেখ্য যে ১৯৩৫ চনৰ ২০ মে’ত তুলসীমুখ কোঁচ গাঁৱত জন্মগ্ৰহণ কৰা বৰাই কৈশোৰ অৱস্থাৰ পৰাই পৰম ব্ৰহ্ম সনাতন শ্ৰী বিষ্ণুৰ একনিষ্ঠ আৰু নিৰৱচ্ছিন্ন আৰাধনা আৰু সাধনাত ব্ৰতী হৈ পৰিছিল।‌ ইয়াৰ সমান্তৰালকৈ তেখেত আছিল তুলসীমুখ মাধৱদেৱ হাইস্কুলৰ এজন অন্যতম প্ৰতিষ্ঠাপক তথা শিক্ষক ।‌

তেখেত একাধাৰে অসমীয়া আৰু ‌সংস্কৃত ভাষাচৰ্চাবিদ,শিক্ষাবিদ,‌মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিৰ সাৱলীল ভাঙনি কৰোঁতা তথা সুবক্তা লগতে প্ৰাঞ্জল ভাষাৰ লালিত্য,‌যথাবিহিত শব্দসম্ভাৰেৰে ঈশ্বৰৰ বাণীবোৰৰ ভাঙনি কৰিছিল ।‌ অঞ্চলটোত মহাপুৰুষৰ ৰচিত নাট-ভাওনাৰ তেওঁ গুৰি-ধৰোঁতা,নাট-পৰিচালক তথা নৃত্য-নিৰ্দেশক ।‌ গায়ন-বায়ন, সূত্ৰধাৰলৈকে সকলোতে তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল । বৰগীত,ঘোষা,সংস্কৃত শ্লোক,লোকগীত পৰিৱেশনৰে তেখেত অঞ্চলটোত সাংগীতিক প্ৰাণ প্ৰতিষ্ঠা কৰিছিল।‌ তাৰোপৰি খোল,‌তাল,মৃদংগ ,বাঁহী, নাগাৰাকে ধৰি প্ৰায় সকলোবোৰ বাদ্য,তবলা, হাৰমনিয়াম,গগণা,পেঁপা,সুতুলীকে আদি কৰি প্ৰায় ১৭ বিধ‌ সাংগীতিক বাদ্যযন্ত্ৰৰ আছিল নিপুণ বাদক ।‌ সোণাৰাম বৰা অসম সাহিত্য সভাৰ আজীৱন সভ্য,অসম নাট্য সন্মিলনৰ আজীৱন সভ্য আছিল । অসম নাট্য সন্মিলনৰ তৰফৰ পৰা “জ্যেষ্ঠ শিল্পী বঁটা”ৰে বৰাক বিভূষিত কৰিছিল ।

ইয়াৰোপৰি পূবেৰুণ কলা পৰিষদ,অসম‌‌ সাহিত্য সভাৰ তুলসীমুখ শাখাৰ‌ সভাপতি আৰু সম্পাদক,‌মনচুন কলা পৰিষদ,অসম সাহিত্য সভাৰ দক্ষিণপাট শাখাৰ সম্পাদকৰ আসনো শুৱনি কৰিছিল। বৰাৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন ব্যক্তি,অনুষ্ঠান-প্ৰতিষ্ঠান,দল- সংগঠনৰ নেতৃবৃন্দ‌ই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত বৰাই দুই পুত্ৰ,কন্যাৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য যে জীৱনৰ সুদীৰ্ঘ সময় শিক্ষকতাক ব্ৰত হিচাপে গ্ৰহণ কৰা প্ৰয়াত বৰাৰ শিক্ষানুৰাগ আৰু শিক্ষকতাক ন-পুৰণি ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাৰে স্মৰণ কৰিছে ।

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযুষ হাজৰীকা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযুষ হাজৰীকা

দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযুষ হাজৰীকা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7