VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দিল্লী অভিমুখী বিমানত চৰাইৰ খুন্দাত ইঞ্জিন ক্ষতিগ্ৰস্ত, কথমপি প্ৰাণৰক্ষা ১৫০ জন যাত্ৰীৰ

voicedesk by voicedesk
February 27, 2023
in মুখ্য সংবাদ
দিল্লী অভিমুখী বিমানত চৰাইৰ খুন্দাত ইঞ্জিন ক্ষতিগ্ৰস্ত, কথমপি প্ৰাণৰক্ষা ১৫০ জন যাত্ৰীৰ
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

 

দিল্লীলৈ উৰণৰ সময়তে ভয়াৱহ দূর্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন ইণ্ডিগ’ৰ বিমান ৷  চুৰাট বিমানবন্দৰৰ পৰা কিছু দূৰলৈ উৰা মৰাৰ পাছতে এটা  চৰাইয়ে বিমানখনত খুন্দা মাৰে। বিমানখনৰ কোনো ক্ষতি হৈছে নেকি চাবলৈ আহমেদাবাদ বিমানবন্দৰত বিমানখনে জৰুৰী অৱতৰণ কৰে ৷দেওবাৰে ইণ্ডিগ’ এ৩২০ত সংঘটিত হয় এই দুৰ্ঘটনা। বিমানখনত ক্ৰু মেম্বাৰ বাদ দি ১৫০ জন যাত্ৰী আছিল। এই বিমানখন চুৰাট বিমানবন্দৰৰ পৰা দিল্লীলৈ যোৱাৰ কথা আছিল ৷ বিমানখনৰ যাত্ৰীসকলৰ কোনো ক্ষতি হোৱা নাই। কিন্তু চৰাইৰ খুন্দাত বিমানখনৰ ইঞ্জিন ক্ষতিগ্ৰস্ত হয়।

 

দেওবাৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ স্থানীয় তদন্তত দেখা গৈছে যে বিমানখনৰ দুই নম্বৰৰ ইঞ্জিন চৰাইৰ আঘাতত ক্ষতিগ্ৰস্ত হৈছে। সেই ইঞ্জিনৰ ফেন ব্লেডবোৰো কিছুমান ঠাইত ভাঙি গৈছিল। ফেনৰ ব্লেড মেৰামতিৰ ব্যৱস্থা কৰা হৈছে ৷

 

শনিবাৰেও দিল্লী অভিমুখী এখন বিমান কোচিন বিমানবন্দৰৰ পৰা উৰণৰ কিছু মুহূৰ্তৰ পিছতে ভূপাল বিমানবন্দৰত অৱতৰণ কৰা হয়। এই ঘটনাক লৈ বিমান কৰ্তৃপক্ষই দুখ প্ৰকাশ কৰি কয় যে ইণ্ডিগোৰ ৬ ই ২৪০৭ বিমানখনৰ এজন লোকৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটাত চিকিৎসাৰ বাবে দিল্লীলৈ যোৱাৰ পৰিৱৰ্তে ভূপাল বিমানবন্দৰত মাজভাগত অৱতৰণ কৰা হয়। ভূপালত অৱতৰণ কৰাৰ পিছত যাত্ৰীজনক লগে লগে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি বিমান সংস্থাটোৱে জানিবলৈ দিয়ে।

Previous Post

বাঁহগাজেৰে ৰন্ধা খাদ্য আপোনাৰ প্ৰিয়নে!! সুস্বাদুৱেই নহয় হৃদযন্ত্ৰ ভালে ৰখাৰ পৰা ওজন কমোৱালৈ বাঁহগাজৰ আছে বহু উপকাৰ

Next Post

অগ্নিপথ প্ৰকল্প দেশৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে , আদালতৰ মজিয়াত সকাহ কেন্দ্ৰৰ , প্ৰত্যাহ্বান জনাই তৰা গোচৰ খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অগ্নিপথ প্ৰকল্প দেশৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে , আদালতৰ মজিয়াত সকাহ কেন্দ্ৰৰ , প্ৰত্যাহ্বান জনাই তৰা গোচৰ খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

অগ্নিপথ প্ৰকল্প দেশৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে , আদালতৰ মজিয়াত সকাহ কেন্দ্ৰৰ , প্ৰত্যাহ্বান জনাই তৰা গোচৰ খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7