এজন সহকাৰী অভিযন্তা। নাম হেমা মীনা ৷মাহিলী দৰমহা ৩০ হাজাৰ টকা। কিন্তু অভিযন্তাজনৰ ঘৰত তালাচী চলাই স্তম্ভিত হৈ পৰে আৰক্ষী বিষয়াসকল। আয়ৰ সৈতে অসামঞ্জস্যহীন সম্পত্তিৰ গোচৰত তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে বহু বিলাসী সামগ্ৰী ৷ গোচৰত
হেমা মীনা মধ্যপ্ৰদেশৰ ভুপালৰ হাউছিং কৰ্পৰেশ্যনৰ এজন অভিযন্তা। ২০২০ চনত তেওঁৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ অভিযোগ দাখিল কৰা হৈছিল। লোকায়ুক্ত আৰক্ষীয়ে গোচৰৰ তদন্ত কৰি আছিল। বৃহস্পতিবাৰে এটা দলে মীনাৰ ভূপালৰ ঘৰত তালাচী অভিযান চলায়। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, তালাচীৰ সময়ত মীনাৰ ঘৰৰ পৰা ৩০ লাখ টকাৰ এটা টিভি উদ্ধাৰ কৰা হয়। ৫০ টা বিদেশী কুকুৰ। ইয়াৰ উপৰিও ১০খনতকৈও অধিক বিলাসী গাড়ী তেওঁৰ ঘৰৰ পৰা জব্দ কৰা হয় ।
আৰক্ষীৰ সূত্ৰ অনুসৰি মীনাৰ ভুপালৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা সা-সম্পত্তিৰ পৰিমাণ কেইবা কোটি টকা। কেৱল ভুপালৰ ঘৰতে নহয়, মীনাৰ সম্পত্তি মধ্যপ্ৰদেশৰ কেইবাটাও স্থানত বিয়পি আছে। ভুপালৰ বিলখিৰীয়া গাঁৱত মীনাৰ ২০ হাজাৰ বৰ্গফুটৰ মাটি আছে । সেই মাটিত এক কোটিতকৈ অধিক টকা খৰছ কৰি বাংলো সাজিছিল মীনাই । সেই বাংলোটোত ৪০টা কোঠা আছে। মীনাই দেউতাকৰ নামত সেই মাটি কিনিছিল। ইয়াৰ উপৰিও এই সহকাৰী অভিযন্তাই বিদেশৰ = কেইবাস্থানতো কৃষিভূমিও ক্ৰয় কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি মীনাৰ ফাৰ্ম হাউচত ৫০টা বিদেশী কুকুৰ আছে। যাৰ প্ৰতিটোৰ দাম লাখ টকাতকৈও অধিক। ইয়াৰ উপৰিও সেই পামঘৰটোত ৬০-৭০ টা ভিন্ন প্ৰজাতিৰ গৰুও পোৱা গৈছিল। ২০ হাজাৰ বৰ্গফুটত বিস্তৃত এই বাংলোটোত ২০-২৫ জন কৰ্মচাৰী থাকে। মীনাই তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ ৱাকি-টকি ব্যৱহাৰ কৰে। কেৱল সেয়াই নহয়, কুকুৰক ৰুটি খুৱাবলৈ এটা অটোমেটিক মেচিনো আছে। যাৰ দাম ডেৰ-দুই লাখ টকা। ইয়াৰ বাহিৰেও সেই বাংলোটোত মীনাৰ দুখন ট্ৰাক, এখন টেংকাৰ আৰু ১০খনতকৈও অধিক বিলাসী গাড়ী উদ্ধাৰ হয়।
আৰক্ষীয়ে জনোৱা মতে, মীনা থকা ফাৰ্ম হাউচটোত এটা বিশেষ ঘৰ নিৰ্মাণ কৰা হৈছে। সেই কোঠাটোত দামী সুৰা আৰু চিগাৰেট পোৱা গৈছিল। তদন্তকাৰীয়ে ৩০ হাজাৰ টকা দৰমহাৰে এজন অভিযন্তাই গঢ়ি তোলা এই বিশাল সম্পত্তি দেখি বিচুর্তি খাব লগা হৈছিল। তদন্তকাৰী দলৰ নেতৃত্ব দিয়া ডি এছ পি সন্তোষ শুক্লাই কয় যে মীনাৰ মুঠ সম্পত্তিৰ হিচাপ তেওঁৰ আয়তকৈ ৩৩২ শতাংশ বেছি। মীনাই ১৩ বছৰ ধৰি কাম কৰি আছে। যদি সেই হিচাপ লোৱা হয়, তেন্তে এই সময়ছোৱাত তেওঁৰ সম্পত্তি ১৮ লাখ টকা হ’ব লাগে। কিন্তু প্ৰাৰম্ভিক তদন্তত দেখা গ’ল যে তেওঁৰ সম্পত্তিৰ পৰিমাণ সাত কোটি টকাতকৈও অধিক।