সশস্ত্ৰ বাহিনীসমূহত হ্ৰস্বকালীন নিযুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন আঁচনি অগ্নিপথক লৈ দেশজুৰি তীব্ৰ বিতর্কৰ সুচনা হৈছে ৷ এই নতুন অগ্নিপথ আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৪ বছৰৰ বাবে জোৱানক নিযুক্তি প্ৰদান কৰিব । এই আঁচনিৰ অধীনত নিযুক্তপ্ৰাপ্ত জোৱানসকলক অগ্নিবীৰ হিচাপে জনা যাব ৷ চাৰি বছৰলৈ নিযুক্তি লাভ কৰিবলগীয়া জোৱানসকলে নাপাব কোনোধৰণৰ পেঞ্চনৰ সা-সুবিধা ৷ নতুন আঁচনিখনত লাভ কৰা নিযুক্তিৰ পাছত কিমান দৰমহা লাভ কৰিব এই জোৱানসকলে ৷ আন কি কি সুবিধা লাভ কৰিব জোৱানসকলে ?
বর্ষ | মাহিলী মুঠ দৰমহা (টকা) | হাতত লাভ কৰা ধন (টকা) | কর্পাচ পুঁজিলৈ অগ্নিবীৰৰ অংশ(৩০%) | কর্পাচ পুঁজিলৈ চৰকাৰৰ অংশ |
প্ৰথম বর্ষ | ৩০০০০ | ২১০০০ | ৯০০০ | ৯০০০ |
দ্বিতীয় বর্ষ | ৩৩০০০ | ২৩১০০ | ৯৯০০ | ৯৯০০ |
তৃতীয় বর্ষ | ৩৬৫০০ | ২৫৫৮০ | ১০৯৫০ | ১০৯৫০ |
চতুর্থ বর্ষ | ৪০০০০ | ২৮০০০ | ১২০০০ | ১২০০০ |
মুঠ ৫.০২ লাখ | মুঠ ৫.০২ লাখ |
চাৰি বছৰৰ পাছত সেৱা নিধি পেকেজ হিচাপে লাভ কৰিব ১১.৭১ লাখ টকা
৪ বছৰৰ কার্যকাল সম্পূৰ্ণ হোৱাৰ পিছত অগ্নিবীৰসকলক এককালীন ‘সেৱা নিধি’ পেকেজ প্ৰদান কৰা হ’ব।আয়কৰৰ পৰা ৰেহাই দিয়া হ’ব ‘সেৱা নিধি’। গ্ৰেচুইটি আৰু পেঞ্চনৰ সুবিধাৰ কোনো ধৰণৰ ব্যৱস্থা নাথাকিব। বাহিনীত কর্মৰত হৈ থকাৰ সময়ত তেওঁলোকে ৪৮ লাখ টকাৰ বীমা লাভ কৰিব ৷ সেৱা নিধিত তেওঁলোকৰ বৰঙণি যোগ কৰা হ’ব ৷ তেওঁলোকৰ বৰঙনিৰ সমান আন এটা অংশ জমা কৰিব চৰকাৰে ৷ এই জমাধনৰ বাবে লাভ কৰিব সুত ৷