শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত এক সাহিত্য অনুষ্ঠানত ডিঙি আৰু পেটত ছুৰিকাঘাত কৰা হৈছিল লেখক ছলমান ৰুশ্দীক । উক্ত ঘটনাৰ পিছত লিখক জনক চিকিৎৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ৭৫ বছৰীয়া লেখকজন বৰ্তমান ভেণ্টিলেটৰত আছে আৰু তেওঁ চকু হেৰুৱাব পাৰে বুলি আশংকা কৰা হৈছে ।অৱশ্যে আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ আক্ৰমণকাৰীক চিনাক্ত কৰিছে।
লেখকগৰাকীৰ এজেণ্ট এণ্ড্ৰিউ ৱাইলিয়ে এটা ইমেইলত লিখিছিল যে বাতৰিটো ভাল নহয়। চলমানে সম্ভৱতঃ এটা চকু হেৰুৱাব; তেওঁৰ বাহুত আৰু যকৃতক চুৰিৰে আঘাত কৰা হৈছে ।
নিউয়ৰ্ক ৰাজ্যিক আৰক্ষীয়ে তেওঁৰ আক্ৰমণকাৰীক নিউ জাৰ্চীৰ ২৪ বছৰীয়া হাদি মাটাৰ বুলি চিনাক্ত কৰিছে। কিন্তু আক্ৰমণৰ আঁৰৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই বুলি বিষয়াসকলে কয়।
নিউয়ৰ্ক চহৰৰ ওচৰৰ চাউটাউকুয়া প্ৰতিষ্ঠানত ৰুশ্দীয়ে ভাষণ দিবলৈ ওলাই থকাৰ সময়তে এই আক্ৰমণটো সংঘটিত হৈছিল।মঞ্চলৈ দৌৰি গৈ শ্ৰীযুত ৰুশ্দীক হাদি মাটাৰে বাৰে বাৰে ছুৰিকাঘাত কৰিছিল । আনহাতে সাক্ষাৎকাৰ লওঁতা হেনৰী ৰিজেও আক্ৰমণটোত মূৰত আঘাত পাইছিল।
প্ৰথম অৱস্থাত দৰ্শকৰ এজন চিকিৎসকে তেওঁক চিকিৎসা সেৱা প্ৰদান কৰিছিল। তাৰ পিছত শ্ৰীযুত ৰুশ্দীক বিমানেৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত তেওঁৰ জৰুৰী কালীন অস্ত্ৰোপচাৰ কৰা হৈছিল।
উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে আক্ৰমণটোক “ভয়ংকৰ” আৰু “নিন্দনীয়” বুলি অভিহিত কৰে। নিউয়ৰ্কৰ গভৰ্ণৰ কেথি হোচুলেও ছুৰিকাঘাতক গৰিহণা দিয়ে আৰু ৰুশ্দী কেইবা দশক ধৰি ক্ষমতাৰ সৈতে সত্য কথা কোৱা এজন ব্যক্তি বুলি অভিহিত কৰে ৷
যোৱা ২০ বছৰ ধৰি আমেৰিকাত বাস কৰি থকা ভাৰতীয় মূলৰ এজন ব্ৰিটিছ নাগৰিক চলমান ৰুশ্দী ৷ তেওঁৰ ১৯৮৮ চনৰ ‘দ্য ছেটানিক ভাৰ্চেছ’ নামৰ কিতাপখনৰ বাবে যি কেইবা দশক ধৰি ভাবুকিৰ সন্মুখীন হৈছে। উপন্যাসখনক কিছু মৌলবীয়ে পয়গম্বৰ মহম্মদৰ প্ৰতি অসন্মানজনক বুলি গণ্য কৰিছিল।
ইৰাণৰ নেতা আয়াতুল্লাহ ৰুহোল্লাহ খোমেনীয়ে তেওঁৰ হত্যাৰ আহ্বান জনাই তেওঁৰ নামত এটা পুৰস্কাৰ ঘোষণা কৰিছিল। সেয়েহে তেওঁ যুক্তৰাজ্যত আৰক্ষীৰ সুৰক্ষাত প্ৰায় এক দশক অতিবাহিত কৰিছে আৰু বাৰে বাৰে ঠিকনা সলনি কৰিছিল। ১৯৯৮ চনত ইৰাণ চৰকাৰে সেই ‘ফতোয়া’ বা আদেশ প্ৰয়োগ নকৰে বুলি কোৱাৰ পিছতহে শ্ৰীযুত ৰুশ্দীয়ে তেওঁৰ পলাতক জীৱনৰ পৰা সকাহ পাইছিল । ২০০০ চনৰ পৰা, লিখক ৰুশ্দীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰি আহিছে।