সঞ্জয় কুমাৰ মিশ্ৰৰ ইডিৰ সঞ্চালক হিচাপে তৃতীয়বাৰৰ বাবে কাৰ্যকাল বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশ অবৈধ বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে। এই গোচৰত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছে যে ২০২১ চনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰা হৈছে। অৱশ্যে মঙলবাৰে উচ্চতম ন্যায়ালয়ে কয় যে সঞ্জয় কুমাৰ মিশ্ৰই চলিত মাহৰ শেষ দিন অৰ্থাৎ ৩১ জুলাইলৈকে ইডিৰ সঞ্চালক হিচাপে থাকিব পাৰিব।
ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া সঞ্জয় কুমাৰ মিশ্ৰক প্ৰথমবাৰৰ বাবে ২০১৮ চনত বলবৎকাৰী সঞ্চালকালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল। সেইবাৰ কেন্দ্ৰই তেওঁক দুবছৰৰ বাবে সেই দায়িত্ব দিছিল। ইয়াৰ পিছত ২০২০ চনত আৰু এবছৰৰ বাবে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰা হয়। এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ ২০১৮ চনৰ পুৰণি নিযুক্তি গাইডলাইন তিনিবছৰলৈ সংশোধন কৰা হয়।
নৰেন্দ্ৰ মোডী চৰকাৰে ইডিৰ সঞ্চালক হিচাপে একেৰাহে তিনিবাৰকৈ সঞ্জয়ৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাখনো আৱেদন দাখিল কৰা হয়। কিন্তু উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ যুক্তি আছিল যে আৰ্থিক দুৰ্নীতিৰ বহু গুৰুত্বপূৰ্ণ গোচৰৰ তদন্তৰ লগত ইডি জড়িত। ফলত সেই সকলোবোৰ তদন্তৰ স্বাৰ্থত সঞ্জয়ৰ সঞ্চালক হিচাপে কাৰ্যকাল বৃদ্ধি কৰা হৈছে। কিন্তু ২০২১ চনৰ ছেপ্টেম্বৰ মাহত গোচৰসমূহৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে সেই তদন্তৰ স্বাৰ্থত অৱসৰৰ পিছতো সঞ্জয়ৰ কাৰ্যকাল যুক্তিসংগত সময়সীমা বৃদ্ধি কৰিব পৰা যাব। কিন্তু তাৰ পিছত সময়সীমা বৃদ্ধি কৰিব নোৱাৰিব।
প্ৰসংগক্ৰমে ২০২১ চনৰ নৱেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সতৰ্কতা আয়োগ আইন আৰু দিল্লী বিশেষ আৰক্ষী প্ৰতিষ্ঠা আইন সংশোধন কৰিছিল। সংশোধিত নিয়ম অনুসৰি চিবিআইৰ মুৰব্বী আৰু ইডি সঞ্চালকৰ কাৰ্যকাল তিনি বছৰ বৃদ্ধি কৰিব পাৰে। সংশোধিত নিয়মৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালা, জয়া ঠাকুৰ আৰু তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই।