VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শংকৰদেৱ বঁটাপ্ৰাপক বিদগ্ধ পণ্ডিত ভৱপ্ৰসাদ চলিহাৰ দেহাৱসান, ৪০ খনৰো অধিক গ্ৰন্থ-৩০০ ৰো অধিক প্ৰৱন্ধকে ধৰি কিদৰে তেওঁ সমৃদ্ধ কৰিছিল অসমীয়া সাহিত্যক

voicedesk by voicedesk
April 8, 2024
in মুখ্য সংবাদ
শংকৰদেৱ বঁটাপ্ৰাপক বিদগ্ধ পণ্ডিত ভৱপ্ৰসাদ চলিহাৰ দেহাৱসান, ৪০ খনৰো অধিক গ্ৰন্থ-৩০০ ৰো অধিক প্ৰৱন্ধকে ধৰি কিদৰে তেওঁ সমৃদ্ধ কৰিছিল অসমীয়া সাহিত্যক
0
SHARES
288
VIEWS
Share on FacebookShare on Twitter

জীৱনজোৰা অধ্যবসায়, পাণ্ডিত্য তথ্য গভীৰ প্রজ্ঞাৰে অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অসামান্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক ,শংকৰী সাহিত্যৰ বিদগ্ধ পণ্ডিত ভৱপ্ৰসাদ চলিহাৰ দেওবাৰে নিশা দেহাৱসান ঘটে ৷৪০ খনৰো অধিক গ্ৰন্থৰ ৰচনা, সম্পাদনা- অনুবাদেৰে সমৃদ্ধ কৰা বিশিষ্ট সাহিত্যিক গৰাকীৰ দেওবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে ৷

 

সুদীর্ঘ ১৩-১৪ বছৰ ধৰি শয্যাশায়ী হৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রাক্তন উপ-পদাধিকাৰগৰাকী। অৱশ্যে শয্যাশায়ী হ’লেও মানসিকভাবে সক্রিয় হৈ থাকি সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু প্রজ্ঞাৰ সাধনাত ব্রতী হৈ আছিল শ্রীমন্ত শংকৰদের বঁটা বিজয়ী সাহিত্যিক-অধ্যাপক ভৱপ্রসাদ চলিহাই।

 

জীবন কালত অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০ খনবো অধিক গ্রন্থ ৰচনা, সম্পাদনা আৰু অনুবাদেৰে সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰখনলৈ বহুমূলীয়া অবদান আগবঢ়াইছিল প্রজ্ঞাৰ সাধকগবাকীয়ে। উল্লেখযোগ্য যে ভরপ্রসাদ চলিহাব জন্ম সুবিধাৰ হৈছিল ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত ১৯৩৪ চনৰ ২০ আগষ্টত। ১৯৫৩ চনত নাহৰকটীয়া হাইস্কুলৰ পৰা মেট্ৰিক আৰু ১৯৫৫ চনত কানৈ কলেজৰ পৰা আই এ পৰীক্ষাত উত্তীর্ণ হৈছিল। দুয়োবাৰে সংস্কৃতত সর্বোচ্চ নম্বৰ লাভ কৰিছিল। ১৯৫৭ চনত কানৈ কলেজৰ পৰা বি এ উত্তীর্ণ হোৱাব লগতে ১৯৬৪ আৰু ১৯৬৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দুবাৰকৈ এম এ পৰীক্ষাত উত্তীর্ণ হোৱাৰ উপৰি ১৯৬৭ চনত এল এল বি পৰীক্ষাতো উত্তীর্ণ হয়। ১৯৫৫ চনতে তেওঁ প্রযায়ী নাহৰকটীয়া হাইস্কুলত অস্থায়ীভাবে শিক্ষকতা কৰি কর্মজীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী পর্যায়ত ১৯৬০-৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্রন্থাগাৰত চাকৰি কৰাৰ উপৰি ১৯৬১- ১৯৬৯ চনৰ সময়ছোৱাত বিশ্ববিদ্যালয়খনৰ দ্বাৰা পৰিচালিত সংস্কৃত মহাভাৰতৰ অসমীয়া অনুবাদক হিচাপে যোগদান কৰিছিল।

 

১৯৬৯ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰে আৰু ১৯৯৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ চিত্ৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। পিচত তেওঁ বিশ্ববিদ্যালয়খনত অতিথি অধ্যাপক হিচাপেও কিছুদিন কার্যনির্বাহ কৰিছিল। দেশ- বিদেশৰ বিভিন্ন কাকত-আলোচনীত তেওঁৰ ৩০০ৰো অধিক প্রবন্ধ প্রকাশ পাইছে। সংস্কৃত-অসমীয়া  অভিধানৰ তেওঁ অন্যতম সংকলক আছিল। সামাজিক জীবনতো তেওঁ বিভিন্ন সংগঠনৰ সৈতে জড়িত হৈ আছিল। এইবোৰৰ ভিতৰত শ্রীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰ, অসম একাডেমীৰ উপ-সভাপতি, অসম পুথিভঁৰাল সংঘৰ সভাপতি, অসম চৰকাৰৰ পৰিভাষা সমিতিৰ উপ-সভাপতি আদি উল্লেখযোগ্য।

 

তেওঁ ২০০৪ চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেন্সন লাভ কৰাৰ লগতে সেই বৰ্ষতে চন্দ্রকান্ত হীৰাপ্রভা স্মাৰক বঁটা, ২০১৩ চনত শশীচন্দ্র বৰবৰুৱা স্মাৰক বঁটা, ২০১৪ চনত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ পৰা ‘প্রজ্ঞাৰত্ন’ সম্মান লাভ কৰিছিল।

Previous Post

ক্ৰমাৎ সুস্থ হৈছে ”ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ‘পদ্মশ্ৰী’ ৰংবং তেৰাং, গ্ৰহণ কৰিছে আহাৰ, পৰিয়ালেৰে পাতিছে কথা বতৰা

Next Post

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7