শনিবাৰে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দ্ৰৰ সিঙে পদত্যাগ কৰাৰ এদিন পিছত কালি কংগ্ৰেছ হাইকামাণ্ডে চৰণজিত সিং চন্নীৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। বিধায়ক চৰণজিত সিং চন্নীয়ে ইয়াৰ পূৰ্বে শিৰোমণি আকালি দল আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ কালত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
উল্লেখ্য যে পাঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী নৱজোৎ সিং সিদ্ধু আৰু দলৰ জেষ্ঠ নেতা সুখজিন্দৰ ৰান্ধাৱাই হিন্দু নেতা সুনীল জখৰৰ নাম মুখ্যমন্ত্ৰী হিচাপে বিৰোধিতা কৰিছিল। যোৱা তিনিদিন ধৰি পাঞ্জাৱৰ ৰাজনৈতিক দৃশ্যপট সঘনে সলনি হৈ আছিল। পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছ হাইকামাণ্ডে চৰণজিত সিং চন্নীক মুখ্যমন্ত্ৰী পদৰ পাৰ্থী হিচাপে মনোনীত কৰে।
ৰাজ্যপালে তেখেতক শপত বাক্য পাঠ কৰোয়ায়। শপত গ্ৰহণ অনুস্থানত দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধী উপস্থিত থাকে। চন্নীক কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ ঘনিষ্ঠ বুলি জনা যায়। তেওঁৰ লগতে সুখজিন্দৰ ৰান্ধাৱা আৰু অ পি ছনীয়েও ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত লয়।
উল্লেখ্য যে চৰণজিত সিং চন্নী পাঞ্জাৱৰ প্ৰথমজন দলিত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। মুখ্যমন্ত্ৰী হিচাপে চন্নীৰ নাম প্ৰস্তাৱ হোৱাৰ পিছত বহু কেইগৰাকী ৰাজনৈতিক নেতাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে, ৩২ শতাংশ দলিত জনসংখ্যা থকা ৰাজ্যখনত এজন দলিত নেতাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াটো এক বৃহৎ ৰাজনৈতিক সিদ্ধান্ত। ই ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ ৰাজনৈতিক নীতিত প্ৰভাৱ পেলাব।