দুদিনীয়া ভ্ৰমণসূচীত গুজৰাটলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গান্ধীধামৰ অসমীয়া লোকসকলৰ সৈতে উলহ মালহেৰে কাতি বিহু উদযাপন কৰে।
গুজৰাটৰ গান্ধীধামৰ দীন দয়াল পৰ্ট ট্ৰাষ্টত এলানি আলোচনাত মিলিত হোৱাৰ লগতে সাংস্কৃতিক কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে।
টুনা চেটেলাইট পৰ্ট, কান্দালা পৰ্ট পৰিদৰ্শন কৰি জল পথ পৰিবহনৰ সৈতে জড়িত বিভিন্ন দিশ পৰ্য্যবেক্ষণ কৰে।