বৰ্তমান সময়ত কাবুল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ জৰিয়তে নিজ দেশৰ পৰা পলাবলৈ চেষ্টা কৰা হতাশ আফগান নাগৰিকৰ ছবিয়ে বাতৰিৰ শিৰোনাম দখল কৰি আছে । কিন্তু ঠিক একেই সময়তে পাকিস্তান, ইৰাণ , উজবেকিস্তান আৰু তাজিকিস্তান আদিৰ লগত আফগানিস্তানৰ সীমাৰ লগত জড়িত মাটিৰ স্থিতি সম্পৰ্কে খুব কম গুৰুত্ব দিয়া দেখা গৈছে।
উল্লেখযোগ্য যে এনে এক সময়তে পোহৰলৈ আহিছে অন্য এক তথ্য। প্ৰাপ্ত তথ্য মতে বিগত সপ্তাহত NDTV ৰ অনুষ্ঠানৰ চেটেলাইট ছবিসমূহত প্ৰকাশ পাইছে আফগানিস্তানৰ সীমাত জব্দ হৈ থকা তথা মুকলি হ’বলৈ চেষ্টা কৰা হাজাৰ বিজাৰ আফগানী নাগৰিকৰ ছবি।

উল্লেখ্য যে উক্ত ছবিসমূহে আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ স্পীন বল্ডাকৰ চামান সীমাক প্ৰতিপন্ন কৰিছে আৰু স্পষ্ট ৰূপত দাঙি ধৰিছে দেশ এৰি যাব খোজা এদল অতিষ্ঠ জনতাৰ ছবি। আনহাতে স্পীন বল্ডাকৰ উপৰিও আফগানিস্তানৰ প্ৰমুখ সীমা তাজিকিস্তানৰ লগত ছীৰ খান , ইৰাণৰ লগত ইচলাম কলা আৰু পাকিস্তানৰ সীমাত টৰখাম আদিও আছে।
স্পীন বল্ডাকৰ চামান সীমা আফগানিস্তান আৰু পাকিস্তানৰ মাজত থকা অতাইতকৈ ব্যস্ত ক্ৰছিংৰ ভিতৰত অন্যতম। জানিবলৈ পোৱা মতে যোৱা কিছু সপ্তাহ ধৰি আফগানিস্তানৰ যাতায়াত তথা পৰিবহণৰ ব্যস্ততা বাঢ়ি গৈছে । ইয়াৰ কাৰণ হৈছে আফগানিস্তানৰ বহুতো নাগৰিকে নিজৰ সমস্ত বয় –বস্তু তথা পৰিয়ালৰ লগত কাবুল আৰু অন্য চহৰত থকা নিজৰ ঘৰসমূহ এৰি আহিছে আৰু অস্থায়ী ভাৱে শিবিৰতে নিজৰ সময় অহালৈ অপেক্ষা কৰি আছে।