অবৈধ ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ শিক্ষা মন্ত্ৰী সত্যেন্দৰ জৈন অহা ১৩ জুন পৰ্যন্ত এনফর্চমেণ্ট সঞ্চালকালয় বা ইডিৰ জিম্মাত থাকিব লাগিব ৷ বিত্তীয় অপৰাধৰ তদন্ত কৰা ই ডিয়ে শেহতীয়াকৈ তেওঁৰ বাসগৃহত অভিযান চলোৱাৰ সময়ত নথি-পত্ৰ আৰু ডিজিটেল ৰেকৰ্ড সংগ্ৰহ কৰা বুলি আদালতক জনোৱাৰ লগতে জৈনক পাঁচ দিনৰ জিম্মাত বিচাৰে ৷ যোৱা ৭ জুনত সত্যেন্দৰ জৈন, তেওঁৰ পত্নী পুনম জৈন, আৰু তেওঁৰ সহযোগীসকলৰ বাসগৃহতত চলোৱা এক তালাচী অভিযানত জব্দ কৰা হৈছিল এই সম্পত্তি।
জৈনৰ হৈ প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যুক্তি আগবঢ়ায় যে গোচৰটোৰ তদন্তৰ বাবে আপ নেতাজনৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাটোৰ হাতত কোনো প্ৰমাণ নাই। যোৱা ৩০ মে’ত জৈনক গ্ৰেপ্তাৰ কৰাৰ পাছত আম আদমী আৰু বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ মাজত তীব্ৰ ৰাজনৈতিক আক্ৰমণ আৰম্ভ হৈছিল ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অভিযোগ কৰিছিল যে এই গোচৰটো “সম্পূৰ্ণৰূপে মিছা”।
চলিত বৰ্ষৰ এপ্ৰিল মাহত বলবৎকাৰী সঞ্চালকালয়ে কলকাতাস্থিত এটা কোম্পানীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ৪.৮১ কোটিৰ স্থাৱৰ সম্পত্তি জব্দ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল জৈনক। তদন্তকাৰী সংস্থাটোৱে চিবিআইয়ে দাখিল কৰা এফআইআৰৰ ভিত্তিত আপ নেতাজনৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু কৰিছিল য’ত অভিযোগ কৰা হৈছিল যে জৈনে তেওঁ শ্বেয়াৰহোল্ডাৰ হিচাপে থকা চাৰিটা কোম্পানীয়ে লাভ কৰা ধনৰ উৎস প্ৰকাশ কৰিব পৰা নাছিল ৷