ছৌদি আৰবত বিগত ১০ দিনৰ ভিতৰত ১২ জন লোকক মৃত্যুদণ্ড প্ৰদান কৰা হৈছে ৷ ইয়াৰে কিছুমানক তৰোৱালেৰে শিৰশ্চেদ কৰি মৃত্যুদণ্ড প্ৰদান কৰা হৈছে ৷ এই লোকসকল ড্ৰাগছ সম্পৰ্কীয় অপৰাধত লিপ্ত আছিল ৷ ড্ৰাগছৰ অভিযোগত কাৰাদণ্ডিত হোৱাৰ পিছত ১২ জন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে ৷ ইয়াৰ ভিতৰত তিনিজন পাকিস্তানী, চাৰিজন ছিৰিয়ান, দুজন জৰ্ডান আৰু তিনিজন ছৌদি আৰবৰ বাসিন্দা আছিল।
চলিত বৰ্ষৰ মাৰ্চ মাহত ছৌদি আৰবে হত্যা আৰু উগ্ৰপন্থী গোটৰ অন্তৰ্গত হোৱাকে ধৰি বিভিন্ন অপৰাধত দোষী সাব্যস্ত হোৱা ৮১ জন লোকক মৃত্যুদণ্ড দিছিল ৷ যিটো ৰাজ্যখনে আধুনিক ইতিহাসত চলোৱা আটাইতকৈ ডাঙৰ গণহত্যা।
চৌদি আৰবে এনে গুৰুতৰ শাস্তি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ প্ৰায় দুবছৰৰ পাছত যোৱা কিছুদিনত পুনৰ একাংশ লোকক কঠোৰ মৃত্যুদণ্ড প্ৰদান কৰিছিল ৷ ২০১৮ চনত তুৰস্কত ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ নিৰ্দেশত ছৌদি আৰৱৰ ডেথ স্কোয়াডে আমেৰিকাৰ সাংবাদিক জামাল খাশ্বোগীৰ হত্যা কৰা বুলি অভিযোগ উত্থাপন হোৱা পিছত এই কথা প্ৰকাশ পাইছে। ২০১৮ চনতো ছৌদি প্ৰশাসনে মৃত্যুদণ্ড কম কৰাৰ চেষ্টা কৰিছিল আৰু কেৱল হত্যা বা নৃশংস হত্যাৰ দোষী সাব্যস্ত হোৱা লোকসকলকহে মৃত্যুদণ্ডৰ আওতালৈ অনা হৈছিল।