বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল চমুকৈ আই চি চিৰ নতুন অধ্যক্ষ হিচাপে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীক নিৰ্বাচন কৰা হৈছে।
\ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলে পূৰ্বতে এই স্থানত আছিল। সুদীৰ্ঘ ৯ বছৰ কাল সেৱা আগবঢ়াইছিল। এতিয়া অনিল কুম্বলেৰ ঠাইত সৌৰভ গাংগুলীয়ে এই দায়িত্ব গ্ৰহণ কৰিব।
আনহাতে সৌৰভ গাংগুলীয়ে ভাৰতীয় ক্ৰিকেট সংস্থাৰ অধ্যক্ষৰ দায়িত্বত আছিল। তেওঁৰ পূৰ্বৰ অভিজ্ঞতাই দায়িত্ব পালনত সহায় কৰিব বুলি অনুৰাগীসকল আশাবাদী।