প্ৰতিবাদী কৃষকৰ ওপৰেৰে গাড়ী চলাই সন্ত্ৰাসৰ সৃষ্টি কৰা কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ পুনৰ বিপদ অনিবার্য ৷ কৃষক হত্যাৰ গোচৰত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষ মিশ্ৰৰ জামিন আজি উচ্চতম ন্যায়ালয়ে বাতিল কৰে। তেওঁক এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে সর্বোচ্চ ন্যায়ালয়ে ৷ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ মাজতে যোৱা ১০ ফেব্ৰুৱাৰীত এলাহাবাদ উচ্চ ন্যায়ালয়ে আশীষ মিশ্ৰৰ জামিন মঞ্জুৰ কৰিছিল ৷ তেওঁৰ পিতৃ অজয় মিশ্ৰ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ এজন শক্তিশালী বিজেপি নেতা ৷
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত ৩ অক্টোবৰত নিহত হোৱা কৃষকসকলৰ পৰিয়ালে আশীষ মিশ্ৰৰ জামিনক প্ৰত্যাহ্বান জনাইছিল।তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে লখিমপুৰ খেৰীত এক প্ৰতিবাদৰ সময়ত চাৰিজন কৃষক আৰু এজন সাংবাদিকক গাড়ীৰে মহতিয়াই নিয়ে ৷ উচ্চতম ন্যায়ালয়ৰ সন্মুখত এক আবেদনত কৃষক পৰিয়ালে কয় যে আশীষ মিশ্ৰৰ জামিন বাতিল কৰিবই লাগিব ৷ কিয়নো তেওঁ সাক্ষীসকলৰ মাজত ভাবুকিৰ সৃষ্টি কৰিব পাৰে । যোৱা মাৰ্চ মাহত এজন সাক্ষীক আক্ৰমণ কৰা হৈছিল আৰু আক্ৰমণকাৰীসকলে শেহতীয়া উত্তৰ প্ৰদেশ নিৰ্বাচনত বিজেপিৰ বিজয়ৰ কথা উল্লেখ কৰি ভাবুকি প্ৰদান কৰা বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰিছে ৷
৩ অক্টোবৰত লখিমপুৰ খেৰীত আঠজন লোকৰ মৃত্যু হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীৰ কনভয়ৰ দ্বাৰা পাঁচজন লোকক মহতিয়াই নিয়াৰ পিছত সংঘটিত হোৱা হিংসাত্মক ঘটনাত বিজেপি কৰ্মীসহ আৰু তিনিজন নিহত হয়।