এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিজাববীয়া অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ জালিয়াতিৰ তথ্য ৷ ভূৱা বিলেৰে এজন বিষয়াই সৰকালে ২কোটি ২১লাখ ৬৪হাজাৰ টকা ৷ আছিফ আহমেদ নামৰ বিষয়াজনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ জাবৰ নিষ্কাষণৰ নামত আছিফ আহমেদে ২কোটি ২১লাখ ৬৪ হাজাৰ টকাৰ এই জালিয়াতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ পৌৰ নিগমৰ নিজাববীয়া এক অভিযানত এই জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আছিফ আহমেদে মাত্ৰ এমাহতে লুটিলে গুৱাহাটী পৌৰ নিগমৰ বৃহৎ পৰিমাণৰ ধন ৷