আজিৰ পৰা সম্পূৰ্ণ ৫ মাহৰ মূৰত ৰাজ্যত নৱম শ্ৰেণীৰ পাঠদান আৰম্ভ হয়। সম্পূৰ্ণ কভিদ নিয়মাৱলীৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়সমূহত শ্ৰেণীকোঠাত উপস্থিত হয়। বহু সময়ৰ বিৰতিৰ মূৰত ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত উপস্থিত হৈ উৎফুল্লিত হোৱা পৰিলক্ষিত হয়।
আজিৰে পৰা কভিদ নিয়মাৱলী মানি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰো পাঠদান আৰম্ভ হয়। অৱশ্যে ২% তকৈ কভিদ পজিটিভৰ হাৰ বেছি হ’লে শিক্ষানুষ্ঠানসমূহ পুনৰ বন্ধ হ’ব পাৰে বুলি শিক্ষা বিভাগে অৱগত কৰিছে।
অহা ১৯ অক্টোবৰ তাৰিখৰ পৰা পূৰ্বৰ দৰে নিয়মীয়াকৈ বিদ্যালয়ত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব।