সংৰক্ষণ ব্যৱস্থা সংস্কাৰ আন্দোলনৰ বাবেই যোৱা কেইদিনমানত বাংলাদেশত যি অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছিল, সেয়া এতিয়াও সম্পূৰ্ণৰূপে শান্ত হোৱা নাই। আৰক্ষীয়ে এতিয়াও ঢাকাৰ ৰাজপথত টহল দি আছে। সেনা আৰু সীমান্তৰক্ষী বাংলাদেশৰ জোৱান নিয়োগ কৰা হৈছে টহলত। সংবাদ মাধ্যম বিবিচি বাংলাৰ তথ্য অনুসৰি বুধবাৰলৈকে সমগ্ৰ দেশতে অশান্তি বিয়পোৱাৰ অভিযোগত ১৭৫৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা তালিকাত বিএনপি আৰু জামাতৰ কেইবাজনো নেতাও আছে।
আংশিকভাৱে শিথিল হ’লেও বাংলাদেশত এতিয়াও বলবৎ হৈ আছে সান্ধ্য আইন। বৃহস্পতিবাৰে দেশজুৰি ষষ্ঠ দিনাৰ বাবেও সান্ধ্য আইন বলবৎ হৈ থাকে । বুধবাৰৰ পৰা ঢাকাকে ধৰি চাৰিখন জিলাত সাত ঘন্টাৰ বাবে সান্ধ্য আইন শিথিল কৰা হৈছে। চাৰি ঘণ্টা ধৰি খোলা হৈছে কাৰ্যালয়। বাণিজ্যিক বেংকসমূহো সীমিত পৰিসৰত খোলা ৰাখিবলৈ দিয়া হৈছে। অৱশ্যে বাংলাদেশৰ শিক্ষামন্ত্ৰী মহিবুল হাছান চৌধুৰীয়ে বিবিচি বাংলাক জনাইছে যে এতিয়া শিক্ষানুষ্ঠান খোলা হোৱা নাই। পৰিস্থিতি অধিক স্বাভাৱিক ছন্দলৈ ঘূৰি অহালৈ অপেক্ষা কৰিব বিচাৰিছে হাছিনাৰ চৰকাৰে। ইয়াৰ পিছত পৰ্যায়ক্ৰমে মুকলি কৰা হ’ব শিক্ষানুষ্ঠানসমূহ।
সংৰক্ষণ ব্যৱস্থা সংস্কাৰ আন্দোলনত বাংলাদেশত ইতিমধ্যে মৃতকৰ সংখ্যা দুশ অতিক্ৰম কৰিছে। বুধবাৰে বিয়লিলৈকে সংবাদ সংস্থা এ এফ পিৰ মতে, মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৮ জন। সংৰক্ষণ ব্যৱস্থা সংস্কাৰ আন্দোলনক কেন্দ্ৰ কৰি প্ৰতিবাদ আৰু প্ৰতিবাদৰ পিছৰ সংঘৰ্ষত কমেও ২০১ জন লোকৰ মৃত্যু হৈছে বুলি বৃহস্পতিবাৰে পুৱা প্ৰকাশ কৰে।