দুমাহৰ মূৰত মণিপুৰত বিদ্যালয়সমূহত আৰম্ভ হ’ব নেকি পাঠদান । ৫ জুলাইৰ পৰা বিদ্যালয় মুকলি কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। সোমবাৰে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব পাৰিব বুলিও তেওঁ কয়। মণিপুৰত অশান্তিৰ বাবে মে’ মাহৰ পৰা বিদ্যালয় বন্ধ হৈ আছিল।
সোমবাৰে এখন সংবাদমেলযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে বুধবাৰৰ পৰা বিদ্যালয়খন মুকলি কৰাৰ কথা ঘোষণা কৰে। কিন্তু মণিপুৰত পূর্বে বিদ্যালয় খোলাৰ প্রচেষ্টা চলোৱা হৈছিল৷ প্ৰশাসনে বিদ্যালয় খোলাৰ দিন ঘোষণা কৰাৰ পিছতো নিৰ্ধাৰিত দিনটোত ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব পৰা নাছিল। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত বিদ্যালয় খোলাৰ দিন পিছুৱাই দিবলগীয়া হয় ৷
অৱশ্যে সোমবাৰে বীৰেনে কয় যে ৰাজ্যৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ কৃষকৰ সুৰক্ষাৰ বাবে অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। পাহাৰ আৰু উপত্যকা অঞ্চলত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে জীৱন।
সোমবাৰে মণিপুৰৰ ২নং ৰাষ্ট্ৰীয় ঘাইপথ বা ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুমাহজোৰা অৱৰোধ উঠাই লয় কুকিছে। মণিপুৰত শান্তিৰ বাবে গৃহমন্ত্ৰীয়ে আবেদন জনোৱাৰ পিছতে অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে। ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।
বিগত দুমাহ ধৰি মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিত মৃত্যু হোৱা লোকৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷ প্ৰায় ৫০ হাজাৰ লোক গৃহহীন হৈছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে যদিও পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাছিল ৷ যোৱা ৩ মে’ত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ’ (আটছুম)ৰ প্ৰতিবাদী সমদলক কেন্দ্ৰ কৰি উত্তৰ-পূবৰ ৰাজ্যখনত অশান্তি আৰম্ভ হয়। মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ কথা বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। অলপ সময়ৰ ভিতৰতে ইয়াৰ বিৰোধিতা কৰি জনসংগঠন ওলাই আহিল। দীৰ্ঘদিনীয়া অশান্তিৰ অন্তত অৱশেষত পুনৰ ছন্দলৈ ঘূৰি আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখন।