গান্ধী জয়ন্তীৰ দিনটো ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষিত ৷ সেইদিনা চৰকাৰী সকলো কার্যালয়-শিক্ষানুষ্ঠান আদি বন্ধ ৰখা হয় ৷ কিন্তু অসমত সকলো বিদ্যালয় খোলা ৰাখিব লাগিব গান্ধী জয়ন্তীৰ দিনটোত৷ উক্ত দিনটোত সকলো বিদ্যালয়ত ‘অহিংস দিৱস’ পালন কৰিব লাগে ৷ এই নির্দেশনা দিছে বিদ্যালয় শিক্ষা বিভাগে ৷
বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা নির্দেশনা অনুসৰি ২ অক্টোবৰৰ দিনা বিদ্যালয়সমূহত বিভিন্ন কার্যসূচীৰ আয়োজন কৰিব লাগিব ৷ সেইদিনাই শিক্ষার্থীসকলক অহিংসৰ শপত পাঠ কৰাব লাগিব শিক্ষার্থীসকলক ৷