নতুন ৰূপত পুনৰ নির্মাণ কৰা দিল্লীৰ ৰাজপথ ,যাক কর্তব্য পথ নামেৰে নতুনকৈ নামাকৰণ কৰা হৈছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব ৷ কর্তব্য পথৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুকলি কৰিব নেতাজী সুভাস চন্দ্ৰ বসুৰ এটা বিশাল প্ৰতিমূর্ত্তি ৷
বুধবাৰে সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰতিমূর্ত্তিটোৰ ওজন হ’ব ২৮০ মেট্ৰিক টন ৷ ভাস্কৰ্য শিল্পীৰ এটা দলে গ্ৰেনাইটৰ খোদিত কৰিছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূর্ত্তিটো ৷ ইণ্ডিয়া গেটত উন্মোচন কৰিবলগীয়া নেতাজী সুভাস চন্দ্ৰ বসুৰ প্ৰতিমূর্ত্তি খোদিত কৰিবলৈ ২৬ হাজাৰ ঘণ্টাৰ প্ৰয়োজন হৈছিল ৷
তেলেংগানাৰ খাম্মামৰ পৰা নতুন দিল্লীলৈ ১৬৬৫ কিলোমিটাৰ এই বিশাল গ্ৰেনাইট শিলৰ বাবে ১৪০ চকাযুক্ত ১০০ ফুট দৈৰ্ঘ্যৰ এখন ট্ৰাক বিশেষভাৱে ডিজাইন কৰা হৈছিল বুলিও প্ৰকাশ কৰা হৈছে ৷ এই প্ৰতিমুর্ত্তিটোৰ দৈর্ঘ্য হৈছে ২৮ ফুট ৷
মূৰ্তিটো সম্পূৰ্ণৰূপে “পৰম্পৰাগত কৌশল আৰু আধুনিক সঁজুলি ব্যৱহাৰ কৰি হাতেৰে নিৰ্মাণ কৰা হৈছে”। ভাস্কৰ্য শিল্পীৰ দলটোৰ নেতৃত্ব দিছিল অৰুণ যোগীৰাজে। বসুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে চলিত বৰ্ষৰ আৰম্ভণিতে পৰাক্ৰম দিৱসৰ দিনা (২৩ জানুৱাৰী) নেতাজীৰ ‘হ’ল’গ্ৰাম মূৰ্তি’ উন্মোচন কৰা ঠাইতে প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে বুলি উল্লেখ কৰা হৈছে।
নেতাজীৰ উচ্চ মূৰ্তিটো ভাৰতৰ আটাইতকৈ ওখ, বাস্তৱসন্মত, একক, হস্তনিৰ্মিত ভাস্কৰ্য্যসমূহৰ ভিতৰত অন্যতম। প্ৰধানমন্ত্ৰীয়ে ২১ জানুৱাৰীত আশ্বাস দিছিল যে নেতাজীৰ প্ৰতি দেশৰ “ঋণ”ৰ প্ৰতীক হিচাপে ইণ্ডিয়া গেটত গ্ৰেনাইটৰে নিৰ্মিত নেতাজীৰ এটা মুর্তি স্থাপন কৰা হ’ব।
মূৰ্ত্তি উন্মোচনৰ সময়ত পৰম্পৰাগত মণিপুৰী শংখ বাদ্যম আৰু কেৰেলাৰ পৰম্পৰাগত পঞ্চ বাদ্যম আৰু চন্দা পৰিৱেশন কৰা হ’ব ৷ নেতাজীৰ প্ৰতিমূৰ্তি উন্মোচনৰ অনুষ্ঠানত পৰম্পৰাগত গীত ‘কদম কদম বঢ়ায়েজা’ পৰিৱেশন কৰা হ’ব ৷ ৯, ১০ আৰু ১১ ছেপ্টেম্বৰৰ নিশা ৮ বজাত ইণ্ডিয়া গেটত নেতাজীৰ জীৱনক লৈ ১০ মিনিটৰ বিশেষ ড্ৰ’ন শ্ব’ প্ৰদর্শন কৰা হ’ব। এক ভাৰতৰ মনোভাৱ প্ৰদৰ্শন কৰিবলৈ – শ্ৰেষ্ঠ ভাৰত আৰু বৈচিত্ৰ্যত ঐক্য প্ৰদৰ্শন কৰিবলৈ দেশৰ সকলো প্ৰান্তৰ পৰা ৫০০ নৃত্যশিল্পীৰ দ্বাৰা এক সাংস্কৃতিক উৎসৱ, ‘কাৰ্তব্য পথ’ত প্ৰদৰ্শন কৰা হ’ব। জনজাতীয় লোককলা সহ বিভিন্ন পৰম্পৰাগত নৃত্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷