দেশত পুনৰ বৃদ্ধি হৈছে ক’ভিডৰ সংক্ৰমণ ৷ যাৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত নতুনকৈ বিভিন্ন নির্দেশনা প্ৰদান কৰা হৈছে ৷ বিশেষকৈ দেশৰ ৰাজধানী দিল্লীত নতুনকৈ আৰম্ভ হৈছে ক’ভিডৰ ব্যাপক সংক্ৰমণ ৷ সেয়েহে পুনৰ মাস্ক পৰিধান বাধ্যতামুলক কৰা হৈছে দিল্লীত ৷ দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বুধবাৰে ৰাজহুৱা স্থানত মাস্কৰ ব্যৱহাৰ বাধ্যতামূলক কৰে ৷ অৱশ্যে বিদ্যালয়সমূহ বন্ধ কৰা নহ’ব বুলি কতৃপক্ষই স্পষ্ট কৰি কয় যে বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি বিদ্যালয়ৰ বাবে মানক পৰিচালনা প্ৰক্ৰিয়া প্ৰস্তুত কৰা হ’ব। বাধ্যতামূলক মাস্ক পৰিধানৰ নিয়মৰ যিকোনো উলংঘনৰ বাবে ৫০০ টকা জৰিমনা বিহা হ’ব ৷ দিল্লীত মঙলবাৰে ৬৩২ জন লোক নতুনকৈ আক্ৰান্ত হৈছিল ৷ অৱশ্যে চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যাৰ লগতে মৃত্যুৰ হাৰ নগণ্য আছিল।
দিল্লী চৰকাৰে যোৱা ২ এপ্ৰিলত ৰাজহুৱা স্থানত মাস্ক পৰিধানৰ বাধ্যতামূলক নির্দেশ প্ৰত্যাহাৰ কৰিছিল। কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞসকলে পৰামৰ্শ দিছে যে সংক্ৰমণ প্ৰতিহত কৰিবলৈ মাস্ক পৰিধান কঠোৰভাৱে বাধ্যতামুলক কৰিব লাগে।ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ নয়ডা, গাজিয়াবাদ আৰু গুৰগাওঁ চহৰ কৰ্তৃপক্ষই বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক পৰিধান বাধ্যতামূলক কৰিছিল।