কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰে আলোচনাপন্থী আলফাৰ নতুন দিল্লীত ত্ৰিপাক্ষিক চুক্তি সম্পন্ন হোৱাৰ পাছতে শিৱসাগৰ জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা। এই চুক্তিৰ পাছতে জিলাখনত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা নহয় তাৰ বাবে সতৰ্কতামূলকভাবে পদক্ষেপ হিচাপে ১৪৪ ধাৰা জাৰি কৰা হৈছে ৷
জিলাখনত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ১৪৪ ধাৰা জাৰি থাকিব। এই সময়ছোৱাত ৫ জন বা তাতোধিক লোক একলগে সমাগম হ’ব নোৱাৰিব।
জিলাখনত সকলোধৰণৰ সভা, সমিতি, শোভাযাত্ৰা বাহিৰ কৰাতো আৰোপ কৰা হৈছে নিষেধাজ্ঞা। অসম-নাগালেণ্ড সীমান্তত বিশেষভাৱে প্ৰযোজ্য হ’ব এই ধাৰা। পৰৱৰ্তী ৬০ দিনলৈ বাহাল থাকিব এই ১৪৪ ধাৰা ৷