ক’ভিড প্ৰট’কলৰ মাজেৰে অহা ২৬ জানুৱাৰীত উদযাপন কৰা হ’ব গণৰাজ্য দিৱস ৷ দেশৰ কেন্দ্ৰীয় কার্যসূচী প্ৰতিবছৰে নতুন দিল্লীত জাক জমকতাৰে উদযাপন কৰা হয় ৷ এইবাৰো ক’ভিডৰ বাবে সীমিত পৰিসৰৰ মাজেৰে গণৰাজ্য দিৱসৰ কার্যসূচী উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে ৷ কিন্তু ইয়াৰ মাজতে দেশৰ চোৰাংচোৱাই আনিছে এক ভয়াবহ খবৰ ৷ এইবাৰ গণৰাজ্য দিৱসত আক্ৰমনৰ বাবে ষড়ষন্ত্ৰ চলাইছে সন্ত্ৰাসবাদী সংগঠনে ৷ যাৰ পৰা ভাবুকিৰ সৃষ্টি হ’ব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনলৈয়ো ৷ কেবল প্ৰধানমন্ত্ৰীয়েই নহয় , এই অনুষ্ঠানত অংশগ্ৰহন কৰিব লগীয়া বিশেষ অতিথিসকলৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ৷ মধ্য এছিয়াৰ পাঁচখন দেশ ক্ৰমে কাজাখস্তান, কিৰগিজস্তান, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপ্ৰধান মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে এইবাৰ গণৰাজ্য দিৱসৰ কার্যসূচীত ৷
চোৰাংচোৱাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি গণৰাজ্য দিৱসৰ এই ভাবুকি পাকিস্তান আৰু আফগানিস্তানৰ বিভিন্ন উগ্ৰবাদী গোটসমুহৰ পৰা আহিছে ৷ । এই গোটসমুহৰ লক্ষ্য হৈছে উচ্চ পদস্থ তথা গণ্যমান্য ব্যক্তিসকলক আক্ৰমনৰ লক্ষ্য কৰি লোৱা আৰু ৰাজহুৱা সমাৱেশ আদিত ব্যাঘাত কৰা ৷ লস্কৰ-ই-তৈবা, জৈইচ -ই-মহম্মদ, হৰকত-উল-মুজাহিদীন আৰু হিজব-উল-মুজাহিদিনৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ পৰা আহিছে এই ভাবুকি ৷ ইয়াৰ পাছতে কটকটীয়া কৰি তোলা হৈছে সমগ্ৰ দিল্লীৰ নিৰাপত্তা ব্যৱস্থা ৷ ফেচ ডিটেকচন ছিষ্টেমৰ লগতে ৩০০ ৰো অধিক চিচিটিভি স্থাপন কৰা নিৰীক্ষণ কৰি আছে দিল্লী আৰক্ষীয়ে ৷ ক’ভিডৰ বাবে এইবাৰ ৪,০০০ টিকট উপলব্ধ হ’ব আৰু মুঠ ২৪,০০০ লোকক অনুষ্ঠানটোত উপস্থিত থাকিবলৈ অনুমতি দিয়া হৈছে ৷