বলিউড চেলিব্ৰিটিৰ উকীল বুলি জনাজাত জেষ্ঠ অধিবক্তা সতীশ মানচিন্দেৰ নাম পুনৰ চৰ্চালৈ আহিছে। ড্ৰাগছ গোচৰত অভিযুক্ত চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক গ্ৰেপ্তাৰৰ পিছতে আৰয়ান খানৰ জামিন আৰু দায়মুক্ত কৰাৰ দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত কৰা হৈছে।
ইয়াৰ পূৰ্বেও কৃষ্ণসাৰ মৃগ হত্যা, হিট এণ্ড ৰাণ কেছত অভিযুক্ত চুপাৰষ্টাৰ চলমান খানৰ হৈ মানচিন্দে ডাঙৰীয়াই ওকালতি কৰিছিল। ১৯৯৩ চনৰ বোমা বিস্ফোৰণত অস্ত্ৰ ৰখাৰ গোচৰত অভিযুক্ত সঞ্জয় দত্তক সতীশ মানচিন্দেই উদ্ধাৰ কৰিছিল।
আনকি যোৱা বছৰ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সময়ত পোহৰলৈ অহা ৰিয়া চক্ৰৱৰ্তীৰ ড্ৰাগছ কেছৰ পৰাও মানচিন্দেই উদ্ধাৰ কৰিছিল।
এদিনত ১৫ ৰ পৰা ২০ লাখ টকা পাৰিশ্ৰমিক লোৱা অধিবক্তা সতীশ মানচিন্দে এইবাৰ আৰয়ান খানক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব নে নহয় এই লৈ সচেতন মণ্ডলৰ মাজত চৰ্চা আৰম্ভ হৈছে।