VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ দেহাৱসান , জনমভূমি কাকতৰ পৰা আৰম্ভ কৰি দৈনিক অসমলৈ ৬৮ বছৰ কাল সংবাদসেৱা

voicedesk by voicedesk
November 29, 2023
in মুখ্য সংবাদ
জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ দেহাৱসান , জনমভূমি কাকতৰ পৰা আৰম্ভ কৰি দৈনিক অসমলৈ ৬৮ বছৰ কাল সংবাদসেৱা
0
SHARES
425
VIEWS
Share on FacebookShare on Twitter

অসমৰ সংবাদসেৱাৰ জগতখনলৈ অনৱদ্য অৱদান আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ মঙলবাৰে দেহাৱসান ঘটে ৷ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ ৷ হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছতে তেওঁক হাস্পতালত ভর্ত্তি কৰোৱা হৈছিল ৷

অনিল বৰুৱাৰ জন্ম হৈছিল ১৯৩৯ চনৰ ২৪ ডিচেম্বৰত  দেৰগাঁৱত ৷ পিতৃ আছিল ভৱেন্দ্ৰনাথ বৰুৱা ৷ মাতৃ আছিল নলিনী বৰুৱা ৷ যোৰহাটৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল তেওঁ ৷ ১৯৫৫ চনত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ দুগৰাকী পৰীক্ষাৰ্থীয়ে অসমীয়াত লেটাৰ মাৰ্ক লাভ কৰিছিল। তাৰে এজন আছিল অনিল বৰুৱা আৰু আনজন আছিল ড০ হীৰেন গোঁহাই।

 

পৰৱর্তীসময়ত  যোৰহাটৰ বৰভেটাত আৰম্ভ হোৱা কৃষি কলেজত অভিভাৱকে নাম লগাই দিছিল অনিল বৰুৱাক। কৃষি বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তি কৰিলেও তেওঁৰ এই বিষয়টোৰ প্ৰতি আগ্ৰহ নাছিল। যাৰ বাবে তেওঁ কৃষি বিজ্ঞানী পাঠ্যক্ৰম অধাতে এৰি  মাৰ্ঘেৰিটা পাব্লিক হাইস্কুলত শিক্ষক হিচাপে যোগদান কৰে । অৱশ্যে কিছুদিন পাছতে তেওঁ শিক্ষকতা এৰি দৈনিক জনমভূমি কাকতত প্ৰুফ ৰিডাৰ হিচাপে যোগদান কৰে ৷ পৰৱর্তী সময়ত সেই কাকততে তেওঁ উপ –সম্পাদক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে ৷

 

১৯৬৫ চনৰ ৪ আগষ্টত জন্ম লাভ কৰা ’দৈনিক অসম’ কাকতত প্ৰথমৰে পৰাই প্ৰথমজনা সম্পাদক কীৰ্তিনাথ হাজৰিকাৰ নেতৃত্বত সংবাদসেৱা কৰি শেহত সম্পাদকৰূপে অৱসৰ গ্ৰহণ ৷ অতি নীৰৱে সংবাদ ক্ষেত্ৰখনত ৬৮ বছৰৰো অধিক কাল সেৱা আগবঢ়াইছিল এইগৰাকী প্ৰৱীণ সাংবাদিকে। তেওঁৰ মৃত্যু অসমৰ সংবাদ জগত,অসমৰ সমাজ জীৱন সকলোৰে বাবে বিৰাট ক্ষতি।

 

 

তেওঁ লিখাসমূহ বৰ বাস্তৱ আৰু চিন্তামুখী আছিল। কোনো কথা কবলৈ তেওঁ ভয় নকৰিছিল। দৈনিক অসম’ৰ লগতে ’অসম বাণী’ আৰু অৱসৰৰ পাছত আন কাকততো ’চুই যাওঁ’ তথা আন শিৰোনামেৰে স্তম্ভলেখা লিখিছিল৷ ১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তিৰ তীব্ৰ বিৰোধিতা কৰাসকলৰ ভিতৰত অনিলদা অন্যতম আছিল৷ আনহাতে অসমীয়া ভাষাৰ ক্ষেত্ৰতো অনিলদাৰ বিস্ময়কৰ দখল আছিল আৰু সচৰাচৰ বাতৰিৰ পৰিৱেশনত বহুল ব্যৱহৃত ভালেমান সামাজিক-ৰাজনৈতিক-অৰ্থনেতিক আৰু বৈজ্ঞানিক ক্ষেত্ৰৰ ইংৰাজী শব্দৰ অসমীয়া প্ৰতিশব্দ নিৰ্মাণত অনিলদা তথা সহযোগী সাংবাদিকসকলৰ যথেষ্ট অৰিহনা আছিল৷

 

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

উত্তৰাখণ্ডত ১৭ দিনৰ পাছত সুৰংগৰ পৰা ওলাই আহিল কোকৰাঝাৰৰ সঞ্জয় -ৰামপ্ৰসাদ, পৰিয়ালক ক’লে- “সুস্থ হৈ আছোঁ..”

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
উত্তৰাখণ্ডত ১৭ দিনৰ পাছত সুৰংগৰ পৰা ওলাই আহিল কোকৰাঝাৰৰ সঞ্জয় -ৰামপ্ৰসাদ, পৰিয়ালক ক’লে- “সুস্থ হৈ আছোঁ..”

উত্তৰাখণ্ডত ১৭ দিনৰ পাছত সুৰংগৰ পৰা ওলাই আহিল কোকৰাঝাৰৰ সঞ্জয় -ৰামপ্ৰসাদ, পৰিয়ালক ক'লে- “সুস্থ হৈ আছোঁ..”

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7